বিশ্বনাথ,১০ জুন: অসমৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাটো ছাত্ৰ সন্থাই পালন কৰে ছাত্ৰ সংহতি দিৱস । সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students' Union) আহ্বান মৰ্মে ১৯৭৪ চনত অৰ্থনৈতিক তথা খাদ্য আন্দোলনত(food agitation) শ্বহীদ হোৱা গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতিত বৃহস্পতিবাৰে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ ভৱনত ক'ভিড প্রট'কল মানি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ।
উক্ত অনুষ্ঠানত পতাকা উত্তোলন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞাই আৰু বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য ৰূপম দাস আৰু বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চামুৱাই ।

অনুষ্ঠানত বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুৰজ ভূঞা, সম্পাদক লক্ষ্যজিৎ শইকীয়াৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে । ইফালে বালিচাং প্ৰাথমিক বিদ্যালয় প্ৰাংগনত থকা শ্বহীদ বেদীত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস (Student Solidarity Day) উদযাপন কৰে । ছাত্ৰ সংহতি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিতু বৰা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশীল তাঁতি, সাধাৰণ সম্পাদক অৰ্পনজ্যোতি বসুমতাৰীসহ বালিচাং শাখা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল ।