বিশ্বনাথ, 30 জুলাইঃ ৰাজ্যজুৰি বানৰ ভয়াৱহতা ৷ বানত প্লাৱতি হৈছে বহুকেইখন জিলা ৷ বিশ্বনাথৰ গহপুৰৰৰ দক্ষিণ অঞ্চলত বানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে পানীত হাহঁ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ ৰাইজৰ মাজত ৷ ভয়ানক বানত সৰ্বহাৰা হোৱা লোকৰ কাষত ঠিয় দিছে এজন বিশেষ ব্যক্তিয়ে ৷ গহপুৰৰ গোপাল শইকীয়া নামৰ লোকজনে বৃহস্পতিবাৰে গহপুৰ সমষ্টি অন্তৰ্গত গোপাল জাৰনি,লৌগুটি,ৰঙামূৰী গাঁও,খাৰৈপৰীয়া আদি অঞ্চলত বানাক্ৰান্তৰ কাষত উপস্থিত খাদ্য সামগ্ৰী বিতৰণ কৰে । সমাজৰত্ন গোপাল শইকীয়াই বিপদৰ সময়ত গহপুৰ বনাক্ৰান্ত লোকসকলৰ মাজত 30 হাজাৰ মাস্ক বিতৰণ কৰাৰ লগতে বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী আগবঢ়াই ৷
গহপুৰ মহকুমা দক্ষিণ অঞ্চলৰ অধিকাংশ গাঁও তৃতীয়টো বানত প্লাৱিত হৈছে ৷ প্ৰায় ৩০০ খন গাৱঁৰ ৰাইজ বানৰ কৱলত পৰিছে ৷ ইতিমধ্যে কেবাবাৰো নাৱেৰে দুৰ্গম অঞ্চল সমূহলৈ গৈ ৰাইজক সাহাৰ্য প্ৰদান কৰা গোপাল শইকীয়াৰ এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত ৰাইজে ৷ ইফালে একাংশ লোকৰ অভিযোগ, চৰকাৰে প্ৰদান কৰা বান সাহাৰ্য এই পৰ্যন্ত লাভ কৰা নাই লোকসকলে ৷
![গৰীৱৰ বন্ধু গোপাল শইকীয়াৰ সামগ্ৰী বিতৰণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-30-july-gopal-saikia-vis-byte-scrpt-as10018_30072020180059_3007f_1596112259_589.jpg)
উল্লেখ্য যে,বিগত ১৫ টা দিন অধিক সময় গোপাল শইকীয়াই গহপুৰ বিধান সভা অন্তৰ্গত বানাক্ৰান্ত অঞ্চল সমূহত উপস্থিত হৈ ব্যক্তিগত ভাৱে প্ৰদান কৰিছে অত্যাৱশ্যকীয় সাগ্ৰীৰ লগতে মাস্ক আদি ৷ ইফালে চৰকাৰে প্ৰদান কৰা সাহাৰ্য সামগ্ৰী গহপুৰৰ বানাক্ৰান্ত লোক সকলৰ বহুতেই লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে বুলি জানিব পৰা গৈছে ৷ গৰীৱৰ বন্ধুৰূপে খ্যাত গহপুৰৰ গোপাল শইকীয়াৰ এই পদক্ষেপক শলাগ লৈছে সমষ্টিটোৰ ৰাইজে ৷
![গহপুৰত বানাক্ৰান্তৰ কাষত গৰীৱৰ বন্ধু গোপাল শইকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-30-july-gopal-saikia-vis-byte-scrpt-as10018_30072020180059_3007f_1596112259_272.jpg)