বিশ্বনাথ,১৮ মাৰ্চ: এফালে যদি ৰাইজৰ মনৰ পৰা বিজেপিক প্ৰত্যাখ্যান কৰোৱাৰ বাবে কংগ্ৰেছে অভিসন্ধি ৰচি আসন দখল কৰাৰ চেষ্টা চলাইছে, আনফালে আকৌ শাসনাধিষ্ঠ বিজেপি চৰকাৰে কংগ্ৰেছক প্ৰত্যাহ্বান জনাই নিজৰ শক্তি প্ৰদৰ্শন কৰি ৰথী-মহাৰথী, মন্ত্ৰী আমোলাই নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে । বৃহস্পতিবাৰে বিশ্বনাথৰ গহপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
![নিৰ্বাচনী সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-18-m-sootia-ghopur-cm-photo-scrpt-as10018_18032021114918_1803f_1616048358_129.jpg)
দিনৰ ১২ বজাত ৭৮ নং গহপুৰ বিধানসভা সমষ্টিৰ বৰিগাঁও বৰপুখুৰী খেল পথাৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে । বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সোণোৱালে । বৃহস্পতিবাৰৰ দিনটোত মুখ্যমন্ত্ৰী সোণোৱালে ৭৬ নং বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় ।
![বিশ্বনাথলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-18-m-sootia-ghopur-cm-photo-scrpt-as10018_18032021114918_1803f_1616048358_782.jpg)
ইফালে, বিয়লি ৩ বজাত চতিয়া বিধানসভা সমষ্টিতো চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে । এই প্ৰচাৰ সভাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে আমগুৰি অগপত খহনীয়া