ETV Bharat / state

চতিয়াত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস - Assam Sahitya Sanmilani

অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ সোমবাৰে অন্তিম দিন ৷ অন্তিম দিনৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট শিল্পী পংকজ বৰদলৈয়ে ৷

Sootea Assam Sahitya Sanmilani foundation day
চতিয়াত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস
author img

By

Published : Feb 10, 2020, 10:24 AM IST

Updated : Feb 10, 2020, 11:10 AM IST

চতিয়া,10 ফেব্ৰুৱাৰীঃ বিগত 7 ফেব্ৰুৱাৰীৰ পৰা চতিয়া সমষ্টিৰ জামুগুৰিহাটত আৰম্ভ হৈছে অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱস ৷ সোমবাৰে অন্তিম দিনৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিশিষ্ট শিল্পী পংকজ বৰদলৈয়ে ৷ জামুগুৰি বহাগী মেলা বাকৰিৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাই বৰ অসমৰ চানেকীক দাঙি ধৰে ৷ উক্ত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য সচেতক ড৹ দিলীপ বৰা,তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াকে ধৰি অসম সাহিত্য সন্মিলনীৰ বিষয়ববীয়া সকল ৷

চতিয়াত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠা দিৱস

উল্লেখযোগ্য যে, সন্মিলনীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত সন্মিলনীৰ গ্ৰন্থ "বৰলুইত", সন্মিলনীৰ মুখপত্ৰ "প্ৰাগজ্যোতিকা", "শ্ৰদ্ধাঞ্জলী"কে ধৰি প্ৰায় কুৰিখনৰো অধিক গ্ৰন্থ উন্মোচন কৰে ৷

লগতে পঢ়ক-সন্তানৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত এটা পৰিয়াল

Intro:চতিয়া,১০ ফেব্ৰুৱাৰী: চতিয়া সমষ্টিৰ জামুগুৰিহাটত যোৱা ৭ ফেব্ৰুৱাৰীৰপৰা তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হৈ থকা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ আজি অন্তিম দিনা আজি পুৱা বিশিষ্ট শিল্পী পংকজ বৰদলৈয়ে উদ্ধোধন কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহিত কৰে জামুগুৰিহাটবাসী ৰাইজক৷Body:সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদযাপনস্থলী জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাৰ জামুগুৰি বহাগী মেলা বাকৰিৰ পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাৰ সন্মুখত ভোৰতাল নৃত্য আৰু তাৰপিছতেই গায়ন বায়ন,বিহু-নৃত্য,নেপালী নৃত্য,ঝুমুৰ নৃত্য,মহিলাসকলৰ দ্বাৰা বৰ্তমান সমাজৰপৰা বিলুপ্তপ্ৰায় ভেকুলী বিয়াৰ পৰম্পৰা,ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বৰ অসমৰ চানেকিৰ পৰিচয় প্ৰদৰ্শনকে ধৰি বহুকেইটা সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে এই শোভাযাত্ৰাত৷শোভাযাত্ৰা অনুষ্ঠানত অসমীয়া সাহিত্য সন্মিলনীৰ মুখ্য সচেতক ড° দিলীপ বৰা,তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াকে ধৰি অসম সাহিত্য সন্মিলনীৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে৷প্ৰায় ৩ কি:মি: পৰিভ্ৰমণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত গণশিল্পী তথা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি তথা গণশিল্পী লোকনাথ গোস্বামী আৰু শোভাযাত্ৰাৰ উদ্বোধক তথা বিশিষ্ট শিল্পী পংকজ বৰদলৈৰ মাটিৰ গোন্ধ থকা কেবাটাও গীতে উপস্থিত ৰাইজক আপ্লুত কৰি তোলে৷৷Conclusion:মনকৰিবলগীয়া যে দ্বিতীয় দিনাৰ কাৰ্যসুচীৰ মাজতে সন্মিলনীৰ গ্ৰন্থ “বৰলুইত”,সন্মিলনীৰ মুখপত্ৰ “প্ৰাগজ্যোতিকা”,“শ্ৰদ্ধাঞ্জলী”কে ধৰি প্ৰায় কুৰিখনৰো অধিক গ্ৰন্থও উন্মোচন কৰে ৷
Byte 1 পংকজ বৰদলৈ ,শিল্পী
Byte 2 লোকনাথ গোস্বামী
Byte 3 ড. দিলীপ বৰা, মূখ্য সচেতক ৷

Pransankar bhuyan
Sootea
Etv bharat (assam)
10/2/2020
Last Updated : Feb 10, 2020, 11:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.