ETV Bharat / state

কেঁচা চাহপাত ছটিয়াই প্ৰতিবাদ কৰাৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ - ক্ষুদ্ৰ চাহ খেতিয়ক

কেঁচা চাহপাতৰ উচিত মূল্য লাভৰ দাবীত বৃহস্পতিবাৰৰ পৰা আন্দোলনৰ ঘোষণা কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷ ৰাজপথত কেঁচা চাহপাত ছটিয়াই প্ৰতিবাদ কৰাৰ হুংকাৰ সন্থাৰ ৷ সংবাদমেলযোগে ব্যক্ত কৰে এই কথা ৷

Small tea growers association to protest by spraying raw tea leaves on national highways
আজি ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা চাহপাত চটিয়াই প্ৰতিবাদ কৰিব ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই
author img

By

Published : Aug 19, 2021, 12:03 PM IST

Updated : Aug 19, 2021, 5:23 PM IST

বিশ্বনাথ, 19 আগষ্ট : কেঁচা চাহপাতৰ উচিত মূল্য লাভৰ দাবীত বৃহস্পতিবাৰৰ পৰা আন্দোলনৰ ঘোষণা কৰিছে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ৷ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই বিহালী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা চাহপাত ছটিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব ৷ বুধবাৰে বিশ্বনাথ জিলাত এখন সংবাদমেল সম্বোধন কৰি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এই তথ্য সদৰী কৰে ।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, কেঁচা চাহপাতৰ উচিত মূল্য সন্দৰ্ভত বিগত সময়ত জিলা প্ৰশাসন, বটলিফ কোম্পানীৰ স্বত্বাধিকাৰী, টি ব’ৰ্ড আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত এখনি ত্ৰি-পাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল ৷ বৈঠকত সৰ্বসন্মতি ক্ৰমে কেঁচা চাহপাতৰ প্ৰতি কিল’গ্ৰামৰ মূল্য ২৮ টকা ৭৫ পইচা নিৰ্ধাৰণ কৰা হৈছিল ৷

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিবাদৰ হুংকাৰ

কিন্তু বটলিফ কোম্পানীসমূহে আজি পৰ্যন্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলক উচিত মূল্য নিদিয়া অভিযোগ উঠিছে । ইফালে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সঘনাই এই সন্দৰ্ভত সভা-সমিতি অনুষ্ঠিত কৰিও সমাধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰে ।

এই আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই বৃহস্পতিবাৰে বেদেতীৰ ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা চাহপাত ছটিয়াই প্ৰতিবাদ সাব্যস্ত কৰিব । ইয়াৰ পিছতো যদি বটলিফ কোম্পানীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কক উচিত মূল্য প্ৰদান নকৰে, তেনেহ’লে বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়কে অনিৰ্দিষ্ট কাললৈ কেঁচা চাহপাত চিঙা কাম বন্ধ ৰখাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : মোডী চৰকাৰে উত্তৰ-পূৱক বিশৃংখলতাৰ ফালে ঠেলি দিছে: কংগ্ৰেছ

Last Updated : Aug 19, 2021, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.