ETV Bharat / state

বিশ্বনাথত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা - নিষেধাজ্ঞা

এই সময়ছোৱাত আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা বাবে ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো নিষেধ কৰা হৈছে।

বিশ্বনাথত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা
author img

By

Published : May 4, 2019, 9:05 PM IST

বিশ্বনাথ, 4 মে' : বিশ্বনাথৰ জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন আইন, ১৯৫৩ (সংশোধিত, ২০০৫) অনুসৰি সমগ্র জিলাতে বলৱৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ২৪ এপ্ৰিলৰ পৰা বলৱৎ হোৱা এই নিষেধাজ্ঞা অহা ১৫ জুলাইলৈকে বাহাল থাকিব।

এই নিষেধাজ্ঞা অনুসৰি ২৪ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ জিলাখনৰ নৈ, বিল, পুখুৰী আৰু মাছ থকা অন্যান্য জলাশয়সমূহত ৭ ছেন্টিমিটাৰ বাৰ/ ১৪ ছেন্টিমিটাৰতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচীজাল অথবা অন্য জাল ব্যৱহাৰ কৰিব নোৱাৰিব। এই সময়ছোৱাত আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা বাবে ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো নিষেধ কৰা হৈছে।

এই আদেশ উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা দণ্ডাধীশগৰাকীয়ে এক নিৰ্দেশযোগে জানিবলৈ দিছে।

slug_as_bsw_4m_ph1_dc_ office _press_rele_as10018

বিশ্বনাথ জিলাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা

 বিশ্বনাথৰ  জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন আইন, ১৯৫৩ (সংশোধিত, ২০০৫) অনুসৰি সমগ্র জিলাতে বলৱৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। যোৱা ২৪ এপ্ৰিলৰ পৰা বলৱৎ হোৱা এই নিষেধাজ্ঞা অহা ১৫ জুলাইলৈকে বাহাল থাকিব। 
এই নিষেধাজ্ঞা অনুসৰি ২৪ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ জিলাখনৰ নৈ, বিল, পুখুৰী আৰু মাছ থকা অন্যান্য জলাশয়সমূহত ৭ ছেন্টিমিটাৰ বাৰ/ ১৪ ছেন্টিমিটাৰতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচীজাল অথবা অন্য জাল  ব্যৱহাৰ কৰিব নোৱাৰিব। এই সময়ছোৱাত আঢ়ৈ  ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা হেতুকে এই অবধিৰ ভিতৰত ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো বাৰণ কৰা হৈছে।
এই আদেশ উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা দণ্ডাধীশগৰাকীয়ে এক নিৰ্দেশযোগে জানিবলৈ দিছে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
 ইটিভি ভাৰত অসম 

বি: দ্ৰ:ফটো খন জিলা উপায়ুক্ত কাৰ্যালয় পৰা প্ৰেৰণ কৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.