বিশ্বনাথ, 19মাৰ্চঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰপৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটি হৰিণা আজি জামুগুৰিহাটৰ চুতিয়াম গাঁৱৰ কেইজনমান সচেতন ব্যক্তিয়ে উদ্ধাৰ কৰি বনবিভাগক চমজি দিয়ে৷দিনৰ ১০ মান বজাত গাঁওখনৰ কেইজনমান যুৱকে গাঁওখনত আঘাতপ্ৰাপ্ত হৰিণাটো বিচৰণ কৰি থকা দেখা পায় আৰু তাৰ পিছত কৌশলেৰে কৰায়ত্তকৰি বনবিভাগৰ লগতে স্থানীয় পশু চিকিৎসালয়ৰ বিষয়াক খবৰ দিয়ে ৷ ততাতৈয়াকৈ চুতিয়াম গাঁৱত জামুগুৰি পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক লাচিত বৰুৱা আৰু গোপালমিত্ৰ গিতুপন দাসে আঘাতপ্ৰাপ্ত হৰিণাটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে হৰিণাটো কাজিৰঙাৰ ষষ্ঠ সংযোজনত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে উদ্ধাৰ হোৱা হৰিণাটোৰ শৰীৰত আঘাতৰ গুৰুতৰ চিন স্পষ্ট হৈ থকাত বনাঞ্চলৰপৰা জনাঞ্চললৈ অহাৰ পথত হৰিণাটো কোনো দুস্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হৈছিল স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ৷
![ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/images/img-20190319-wa00081553006600338-18_1903email_00804_765.jpg)