বিশ্বনাথ,23 ডিচেম্বৰঃ মোৰ চাকৰি ক’ত ? এই প্ৰশ্ন লৈ মঙলবাৰে বিশ্বনাথৰ চাপ্লাইৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰত ছাত্ৰ ফেডাৰেচন আৰু ভাৰত গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ বিশ্বনাথ জিলা শাখাৰ কৰ্মীয়ে ৷ 5 শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অসমত খালী হৈ থকা পদসমূহ অতিশীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায় ৷
আনহাতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ৫ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি ক’ত গ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ অন্তত বিশ্বনাথ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷
লগতে পঢ়কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল