গহপুৰ 28, মে’: গহপুৰত স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে এখন গাঁৱৰ ৰাইজে ৷ ভোট জলকীয়া খেতিৰে লক্ষাধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গাঁওবাসী ৷ ভোট জলকীয়া খেতিৰে গাঁওখনৰ অধিকাংশ লোক এতিয়া স্বাৱলম্বী ৷ ভোট জলকীয়া খেতিৰ জৰিয়তেই গাঁৱৰ ৰাইজ আগুৱাই গৈছে স্বাৱলম্বিতাৰ দিশত (Self Reliant by Bhut jolokia cultivation) ৷
বিশ্বনাথৰ গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো ব্যস্ত ভোট জলকীয়া খেতিত ৷ গাঁওখনৰ প্ৰতিঘৰ লোকে প্ৰায় 5 ৰ পৰা 10 বিঘা পৰ্যন্ত ভোট জলকীয়া খেতি কৰা দেখা গৈছে ৷ সৰ্বমুঠ গাঁওখনৰ প্ৰায় 300 বিঘা ভোট জলকীয়া খেতিয়ে এতিয়া গাঁওখনলৈ কঢ়িয়াই আনিছে পোহৰৰ বাট (Bhut jolokia Farming) ৷ গাঁওখনৰ খেতিয়কসকলে উৎপাদন কৰা ভোট জলকীয়াসমূহ কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, ডিমাপুৰ, চিকিম, গুৱাহাটী, নগাঁৱৰ লগতে ৰাজ্যৰ বিভিন্ন জিলালৈ দৈনিক কুইন্টলে কুইন্টলে ৰপ্তানি কৰিছে কৃষকসকলে (Self Reliant by Bhut jolokia cultivation in Gohpur) ৷
প্ৰতি কেজিত কৃষকসকলে 400 ৰ পৰা 500 টকা পৰ্যন্ত লাভ কৰে ভোট জলকীয়াত ৷ ভোট জলকীয়া খেতি যে এক লাভজনক খেতি তাকেই এতিয়া প্ৰমাণ কৰিবলৈ সক্ষম হৈছে গহপুৰ বিধানসভা সমষ্টিৰ জয়পুৰৰ বাসিন্দাসকলে ৷ গাওঁখনত এতিয়া দৈনিক 3 শ পৰা 4 শ মানুহে এই ভোট জলকীয়া খেতিৰ পৰা নিজৰ স্বাৱলম্বীতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে ৷ ইফালে এই খেতিৰ পৰা একোজন কৃষকে বছৰি 5ৰ পৰা 7 লাখ টকা টকা পৰ্যন্ত লাভ কৰে বুলি কৃষকসকলে প্ৰকাশ কৰে (Bhut jolokia cultivation) ৷
কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি নেমেলি এনেদৰে কৃষিকৰ্ম তথা ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱা জয়পুৰ গাঁৱৰ গাঁওবাসী আনৰ বাবেও এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে (Bhut jolokia cultivation in Gohpur) ৷
লগতে পঢ়ক: AASU protest : চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ মাহজোৰা আন্দোলন