ETV Bharat / state

সন্ধান নাই বৰগাং নৈত নিৰুদ্দেশ হোৱা মহিলাৰ - Borbang river

বিগত ছয় দিনে নিৰুদ্দিষ্ট বৃদ্ধাৰ সন্ধানত এছ ডি আৰ এফে চলাইছে অভিযান । ২১ জুলাইত বৰগাং নদীৰ পাৰত সন্ধানহীন হৈছিল মহিলা গৰাকী ।

সন্ধান নাই বৰগাং নৈত নিৰুদ্দেশ হোৱা মহিলাৰ
author img

By

Published : Jul 27, 2019, 10:03 AM IST

বিশ্বনাথ, ২৭ জুলাই : ছদিন উকলি যোৱাৰ পাছতো সন্ধান নাই বৰগাঙৰ শুকানসুঁতিত বৰগাং নৈত নিৰুদ্দেশ হোৱা ফুলেশ্বৰী ভূঞা নামৰ এগৰাকী ৬০/৬৫ বছৰীয়া মহিলাৰ । বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টংকেশ্বৰ চুতীয়াৰ নেতৃত্বত কালিৰে পৰা তীব্ৰতৰ কৰি তোলা হৈছে নিৰুদ্দিষ্ট মহিলাৰ অনুসন্ধানৰ কাম । শুক্ৰবাৰে দিনৰ ২ বজাৰ পৰা মহিলা গৰাকীৰ সন্ধানত বৰগাং নদী খনৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক অনুসন্ধান চলায় কোনো শুংসূত্ৰ নাপালে গহপুৰৰ পৰা অহা এছ ডি আৰ এফৰ এটা উদ্ধাৰকাৰী দলে । মহিলাগৰাকী নদীখনৰ বাঢ়নী পানীত উটি গৈ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ যোৱাৰ সম্ভাৱনা ব্যক্ত কৰে আৰক্ষীৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে নিজৰ শংকা ব্যক্ত কৰে । উল্লেখযোগ্য যে, নিজৰ বিবাহিত কন্যাৰ বিয়া খাবলৈ আহি বৰগাং নদীৰ পাৰত সন্ধানহীন হৈছিল ফুলেশ্বৰী ভূঞা নামৰ মহিলাগৰাকীৰ ।

Intro:as__behali_26july_SDRF_vsl_scptBody:as__behali_26july_SDRF_vsl_scptConclusion:বৰগাং নদীত ছয় দিনে নিৰুদ্দিষ্ট বৃদ্ধাৰ সন্ধানত এছ ডি, আৰ,এফ

যোৱা ৰবিবাৰে অৰ্থাৎ ২১ জুলাইত দিনৰ ৩ বজাত বৰগাং শুকানসুঁতিৰ ফুলেশ্বৰী ভূঞা নামৰ জনৈক ৬০/৬৫ বছৰ বয়সীয়া মহিলা এগৰাকী বৰগাং নদীত পতিত হৈ পাঁচ দিনে সন্ধানহীন হৈ থকাৰ বৰগাং আৰক্ষী সক্ৰিয় হৈ পৰে। বৰগাং আৰক্ষী চকিৰ ভাৰপ্ৰাপ্ত বিষয়া টংকেশ্বৰ চুতীয়াই যোৱা কালিৰে পৰা অনুসন্ধানৰ কাম আৰম্ভ কৰি সোধপোচ অব্যাহত ৰখাৰ পাছত আজি এছ ডি আৰ এফৰ সহায় লয় আৰু দিনৰ ২ বজাৰ পৰা গহপুৰৰ পৰা অহা এছ,ডি, আৰ, এফৰ জোৱান সকলে মহিলা গৰাকীৰ সন্ধানত বৰগাং নদী খনৰ ইমূৰৰ পৰা সিমূৰালৈ ব্যপক অনুসন্ধান চলাই যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে। যদি মহিলা গৰাকীৰ দুৰ্ভাগ্য জনক ভাবে মৃত্যু ঘটিছে তেন্তে মৃতদেহ বালিয়ে পুতি পেলোৱা বা নদীখনৰ বাঢ়নী পানীৰ খৰস্ৰোতাত উটি গৈ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ যোৱাৰ সম্ভবনাও আৰক্ষী লগতে এছ ডি আৰ এফ বাহিনীয়ে ব্যক্ত কৰিছে। উল্লেখযোগ্য যে ফুলেশ্বৰী ভূঞা বিবাহিত কন্যা ৰুমা ভূঞাৰ ঘৰত আলহী খাবলৈ বুলি আহি ৰবিবাৰে নিজা ঘৰ শুকানসুঁতি বৰগাঁও চাহ বাগিচাৰ ১৬ নং লাইনৰ নিজা গৃহলৈ প্ৰত্যাগমন কৰাৰ মুহূৰ্তত কি ভাবি জনা নগল বৰগাং নদীৰ পাৰত গৈ উপস্থিত হয়গৈ আৰু নদী খনত পতিত হোৱা ঘটনাটো ৰাম প্ৰজা নামৰ লোক এজনে নদীখনৰ বিপৰীত দিশৰ পৰা প্ৰত্যক্ষ কৰি ৰাইজক আহি খবৰ দিয়ে আৰু সেইমতে ৰাইজ নদীখনৰ পাৰত গৈ উপস্থিত হোৱাত পাৰত শাৰী এখন আৰু গামোছা এখন প্ৰত্যক্ষ কৰে যি ফুলেশ্বৰীৰ বস্ত্ৰ বুলি জীয়েক ৰুমাই চিনাক্ত কৰাৰ পাছত নদীত পতিত হোৱা মহিলা গৰাকী ফুলেশ্বৰী বুলি নিঃশ্চিত হয়। আৰক্ষী বিষয়া চুতীয়াই জনোৱা মতে আৰক্ষীৰ দ্বাৰা নিজা ববীয়াকৈও মহিলা গৰাকীৰ সন্ধানত অনুসন্ধান চলাই থকা হব আৰু তেনে কোনো সন্দেহ জনক যি কোনো মৃতদেহ যদি নদীখনত ৰাইজে প্ৰত্যক্ষ কৰে তেন্তে আৰক্ষীৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.