বিশ্বনাথ, ১১ফেব্ৰুৱাৰী: বিশ্বনাথ জিলাৰ নতুন তথ্য আৰু জনসংযোগ বিষয়া ৰূপে সুপ্ৰতিম দে'ই বৃহস্পতিবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে । সুপ্ৰতিম দে' অসম লোকসেৱা আয়োগৰ 'কণিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ প্ৰতিযোগিতামূলক বাছনি পৰীক্ষাত শীৰ্ষ স্থানত উত্তীৰ্ণ হৈ ৬ ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰিছিল । দহ বছৰতকৈও অধিক বছৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সংবাদ কৰ্মী আছিল এইগৰাকী বিষয়া । দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ মহাবিদ্যালয় আৰু চেন্নাইস্থিত এছিয়ান কলেজ অফ জাৰ্ণেলিজিমৰ প্ৰাক্তন ছাত্ৰ সুপ্ৰতিম দে' ।
![বিশ্বনাথৰ নতুন তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-803-11-f-sdipro-biswanath-now-photo-scrpt-as10018_11022021174958_1102f_1613045998_20.jpg)
বৃহস্পতিবাৰে বিষয়াগৰাকীৰ কাৰ্যকালৰ প্ৰথম দিনটোত বিভাগৰ কৰ্মচাৰীসকলে ফুলাম গামোচাৰে আদৰণি জনায় । দায়িত্বভাৰ গ্ৰহণ কৰি বিষয়া গৰাকী কৰ্মচাৰীসকলৰ লগত এক আলোচনাত মিলিত হয় । চৰকাৰী কামসমূহ ৰাইজৰ মাজত কেনেকৈ আগবঢ়াই লৈ যাব লাগিব সেই সন্দৰ্ভত এক আলোকপাত কৰে বিষয়গৰাকীয়ে । জিলাখনৰ প্ৰশাসন অহৰহ জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যোৱা প্ৰতিটো চৰকাৰী কাম ৰাইজৰ ওচৰত দাঙি ধৰাতো প্ৰধান কাম বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ।