ETV Bharat / state

বিশ্বনাথত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান - বিশ্বনাথ জিলা

বিশ্বনাথত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ ৷ কাৰ্যসূচী উদ্বোধন কৰে অসম চৰকাৰৰ হস্ততাঁত, বয়ন শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই । জিলাখনৰ সৰ্বমুঠ 584 গৰাকী ছাত্ৰীয়ে লাভ কৰিছে স্কুটী ৷

scoocty-distribute-in-biswanath
বিশ্বনাথত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান
author img

By

Published : Jan 2, 2021, 9:11 PM IST

বিশ্বনাথ, ২ জানুৱাৰী : শনিবাৰে অসম চৰকাৰৰ অভিলাষী প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বিশ্বনাথ জিলাৰ 584 গৰাকী মেধাৱী ছাত্ৰীক আনুষ্ঠানিকভাৱে ড০ বাণীকান্ত কাকতি মেধা বঁটা তথা স্কুটী প্ৰদান কৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ হস্ততাঁত, বয়ন শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই ।

বিশ্বনাথত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

বিশ্বনাথ মহাবিদ্যালয়ৰ সমীপৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰথম পৰ্যায়ত উত্তীৰ্ণ হোৱা জিলাখনৰ বিভিন্ন অঞ্চলৰ 5 গৰাকী মেধাৱী ছাত্রীক স্কুটী প্ৰদান কৰে জিলা প্ৰশাসনে । আনহাতে, বাকী সকল ছাত্ৰীক বিদ্যালয় পৰ্যায়ত বিতৰণ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ জিলাৰ পৰিবহণ বিভাগৰ বিষয়াৰ লগতে জিলা অতিৰিক্ত উপায়ুক্তকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থকাৰ উপৰিও জিলাখনৰ দুই শতাধিক ছাত্র-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে ।

আনহাতে, স্কুটী লাভ কৰা প্ৰতি গৰাকী ছাত্রীক মন্ত্ৰী ৰঞ্জিত দত্তই পৰিবহণ বিভাগৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতি গৰাকী ছাত্ৰীক জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়লৈ গৈ স্কুটী চলোৱা পৰিচয় পত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । ইফালে, মেধাৱী ছাত্রী সকলে নিজৰ যোগ্যতা অৰ্জন কৰি এইদৰে স্কুটী পাই আনন্দিত হৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : বাক্সাত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.