ETV Bharat / state

মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী

author img

By

Published : Feb 20, 2021, 8:41 PM IST

বনবিভাগ আৰু গহপুৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰা হয় লক্ষ্য পেগু নামৰ এটা চোৰাং চিকাৰী । বোকাখাতৰ কমাৰগাওঁ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ অধীনত কেইবাটাও ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে লক্ষ্য পেগুৰ বিৰুদ্ধে ।

মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী
মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী

বিশ্বনাথ,২০ ফেব্ৰুৱাৰী: মাজুলীত শুকুৰবাৰে পুৱতি নিশা আটক এটা দুধৰ্ষ চোৰাং চিকাৰী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মী আৰু গহপুৰৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰা হয় লক্ষ্য পেগু নামৰ চোৰাং চিকাৰীটোক । গহপুৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ লগতে গমিৰিৰ ৰেঞ্জাৰ প্ৰাঞ্জল গগৈ নেতৃত্বত যোৱা এটা বনকৰ্মী দলে মাজুলীৰ পৰা আটক কৰে চোৰাং চিকাৰীটোক ৷ গহপুৰৰ লোহিতমুখৰ লক্ষ্য পেগুৰ নেতৃত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও গঁড় নিধন কৰা অভিযোগ উত্থাপিত হৈছিল ।

মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী
মাজুলীৰ পৰা আটক দুধৰ্ষ চোৰাং চিকাৰী

জানিব পৰা মতে লক্ষ্য পেগুৱে গঁড় হত্যা কৰা একাংশ চিকাৰীক সহযোগ কৰিছিল যাৰ বাবে এক গোচৰত ২০০০ চনত জেললৈ গৈছিল লক্ষ্য পেগু । কিন্তু বন বিভাগক লক্ষ্য পেগুৱে স্বীকাৰ কৰা মতে জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ এই কামৰ লগত জড়িত হোৱা নাই । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভ তদন্ত অব্যাহত ৰাখিছে । বোকাখাতৰ কমাৰগাওঁ আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ অধীনত কেইবাটাও ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে লক্ষ্য পেগুৰ বিৰুদ্ধে ।

লগতে পঢ়ক:তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.