ETV Bharat / state

নিমাতীৰ বিননি: বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ - jan barua

বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটোক লৈ সমগ্ৰ বিশ্বনাথত তীব্ৰ চাঞ্চল্য ৷ মৃতদেহটো বুধবাৰে যোৰহাট নিমাতীঘাটত সংঘটিত নাওঁ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা জান বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে ৷

Rescue jan baruas deadbody
বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ মৃতদেহ
author img

By

Published : Sep 11, 2021, 9:54 AM IST

Updated : Sep 11, 2021, 11:34 AM IST

বিশ্বনাথ, 11 ছেপ্তেম্বৰ: মাজুলীত অব্যাহত কান্দোনৰ ৰোল ৷ অভিশপ্ত বুধবাৰৰ দিনা মাজুলীৰ নৌকা দুৰ্ঘটনা সংঘটিত হোৱাৰ তিনিটা দিন পাৰ হোৱাৰ পাচতো সন্ধানহীন হৈ আছিল যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰা (জান) ৷ কিন্তু আজি অৰ্থাৎ শনিবাৰে পুৱাই উদ্ধাৰ হৈছে জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ ৷

বিশ্বনাথৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰপাৰত ষষ্ঠ সংযোজনৰ বিশ্বনাথ ঘাটত উদ্ধাৰ মৃতদেহটো ৷ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃতদেহটোৰ সোঁ হাতত ‘J’ আখৰৰ এটা আঙুঠি প্ৰতক্ষ্য কৰিছিল আৰক্ষীয়ে ৷ আঙুঠি আৰু মৃতদেহটোৰ মানি বেগত থকা কাৰ্ড আৰু ফটোৰ দ্বাৰা চিনাক্ত কৰা হৈছে মৃতদেহটো জান বৰাৰ বুলি ৷

বিশ্বনাথত উদ্ধাৰ জান বৰুৱাৰ নিথৰ দেহ

উল্লেখ্য যে, শুকুৰবাৰে বিশ্বনাথৰ ছোৱাগুৰিত উদ্ধাৰ হৈছিল জান বৰাৰ এটা বেগ ৷

লগতে পঢ়ক: বিক্ৰমজিৎ বৰুৱা আৰু জান বৰাৰ সন্ধান বিচাৰি মহাবাহুক পূজা আত্মীয়ৰ

এই বেগৰ ভিত্তিতেই শনিবাৰে পুৱাৰে পৰা বিশ্বনাথৰ বন বিভাগৰ লোকে তহল দি আছিল মহাবাহুৰ বুকুত ৷ এই তহলদাৰী বন বিভাগৰ লোকে বিশ্বনাথ ঘাটৰ ভাচাটাপুত প্ৰত্যক্ষ কৰে এই মৃতদেহটো ৷ ইয়াৰ পাচতেই মৃতদেহটোক পাৰলৈ তুলি অনা হয় ৷

ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ মৃতদেহটোৰ পিন্ধনত এটা জিনছ পেন্ট আৰু টি-চাৰ্ট আছে বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে ৷ লগতে মৃতদেহটোৰ হাতত আছে ঘড়ীও ৷

এই সমূহ তথ্যৰ ওপৰত ভিত্তি কৰিয়েই উদ্ধাৰ হোৱা মৃতদেহটো জান বৰাৰ বুলি চিনাক্ত কৰা হৈছে ৷ জানিবলৈ পৰা মতে, ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে জান বৰাৰ পৰিয়াল ৷ সম্ভৱতঃ মৰণোত্তৰ পৰীক্ষাৰ তন্তত সন্ধিয়াৰ ভাগলৈ জান বৰাৰ মৃতদেহ পৰিয়ালক গতাই দিব আৰক্ষীয়ে ৷

লগতে পঢ়ক: পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল

Last Updated : Sep 11, 2021, 11:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.