ETV Bharat / state

তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ

author img

By

Published : Nov 24, 2020, 10:22 AM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ জিলাৰ চি পি আই এম এলৰ নেতা বিবেক দাসৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী ৷

তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ
তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মন্ত্ৰী ৰঞ্জিত দত্ত,বিবেক দাসৰ

বিশ্বনাথ 24 নৱেম্বৰ : অসম ৰাজনীতিত এক সুকীয়া অধ্যায় ৰচা,অভিজ্ঞ তথা দক্ষ ৰাজনীতিবিদ,স্থিতপ্ৰজ্ঞ নেতা হিচাপে পৰিচিত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অকাল বিয়োগত ৰাজ্য আৰু ৰাষ্ট্ৰৰ এক অপূৰণীয় ক্ষতি বুলি প্ৰকাশ কৰে বিহালী সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।
দত্তই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই ৷

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম ৰাজ্যিক চি পি আই এম এলৰ নেতা বিবেক দাসে । দাসে গভীৰ শোক প্ৰকাশ কৰি কয় যে, বৰ্তমান অসমত দেখা দিয়া ৰাজনৈতিক অনিশ্চয়তা আৰু দেদুল্যমান পৰিস্থিতিৰ সময়ত ধৰ্মনিৰপেক্ষ শিবিৰত অতিকৈ প্ৰয়োজন হৈ উঠা এগৰাকী বৰ্ষীয়ান আৰু অভিজ্ঞ ৰাজনীতিবিদ জনৰ মৃত্যুৱে অসমৰ বাবে অপূৰণীয় ক্ষতিসাধন কৰিব,তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত সকলোৰে মাজত জনপ্ৰিয় তথা শ্ৰদ্ধাৰ ৰাজনৈতিকজনৰ মৃত্যুত মৰ্মাহত হোৱা বুলি প্ৰকাশ কৰে তেখেতে ৷ দাসে কয় কংগ্ৰেছৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলন আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বতে আৰম্ভ হোৱা উদাৰীকৰণৰ সাক্ষী আছিল তেখেত। কংগ্ৰেছৰ সোণালী সময় আৰু বহু দুৰ্যোগপূৰ্ণ সময়ত নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে অভিজ্ঞ আছিল তেখেত। তৰুণ গগৈ মৃত্যুৰ বাৰ্তাই অসমবাসীৰ লগতে দুখৰ সমভাগী হৈছে বুলি উল্লেখ কৰে ।

লগতে চাওকঃ তৰুণ গগৈৰ মৃত্যু: এটোৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.