বিশ্বনাথ 28 মে': বৃহস্পতিবাৰে ৰাজ্যৰ শাসকীয় দলৰ ৰাজ্যিক সভাপতি তথা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হয় বিহালীৰ বিধায়ক তথা প্ৰাক্তন বিজেপি দলৰ সভাপতি ৰঞ্জিত দত্তৰ বাসগৃহত ৷
বৰ্তমানৰ বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে প্ৰাক্তন ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হৈ দলীয় নেতা-কৰ্মীৰে এক আলোচনাত মিলিত হয় ৷ ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাসে সাংবাদিকৰ সন্মুখত কয় যে, ৰাজ্যৰ প্ৰাক্তন বিজেপিৰ ৰাজ্যিক সভাপতি সকলক সাক্ষাৎ কৰি ক’ভিড পৰিস্থিতি সন্দৰ্ভত আলাপ আলোচনা কৰাৰ উদ্দেশ্য লৈ তেওঁ সকলোৰে লগত মিলিত হৈছে ৷
তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, অসম ৰাজ্যিক বিজেপিৰ বৰ্তমানৰ সভাপতি ৰণজিৎ কুমাৰ দাস অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত সভাপতিৰ কাৰ্যভাৰ আন কোনো নেতাৰ হাতত অৰ্পণ কৰাৰ লক্ষ্যৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা প্ৰবীণ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তৰে বিশেষ আলোচনাত মিলিত হোৱাৰ বাৰ্তাই এক বিশেষ ইংগিত বহন কৰিছে ৷
ইয়াৰ লগতে, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী দাসে খাদ্যবস্তুৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত জিলা উপায়ুক্ত সকলক সক্ৰিয় হ'বলৈ অনুৰোধ জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :সমষ্টি এৰি ক’ত হেৰাল সাংসদ গৌৰৱ গগৈ ?