ৰঙাপাৰা, 10 আগষ্টঃ
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলবাৰী চাহ বাগিচাৰ অন্তৰ্গত আমাৰীবাৰী শাখাত শনিবাৰে সৰ্প দংশনত কাৰ্তিক ভূমিজ এজন 10 বছৰীয়া কিশোৰৰ মৃত্যু
পুৱতি নিশা ঘৰৰ ভিতৰত শুই থকাৰ অৱস্থাতে সাপে দংশন কৰে কিশোৰজনক
আমাৰীবাৰী চাহ বাগিচাৰ স্বাস্থ্য কৰ্মীৰ গাফিলতিৰ বাবেই কিশোৰজনৰ মৃত্যু হোৱা বুলি অভিযোগ বাগিচাৰ ৰাইজৰ
শিশুটিৰ মৃতদেহ বাগিচাখন কাৰ্যালয়ৰ চৌহদত ৰাখি পৰিস্থিতি উত্তাল কৰি তোলে শ্ৰমিক সকলে
বাগিচাখনত থকা উপস্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীজনক ৰাইজক গতাই দিয়াৰ লগতে শাস্তি প্ৰদানৰ দাবী শ্ৰমিকৰ
,
ঘটনাস্থলীত ৰঙাপৰা আৰক্ষীৰ এটি দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে