ETV Bharat / state

কোৱাৰেন্টাইন চেণ্টাৰত থকা ব্যক্তিৰ মুক্ত বিচৰণ

author img

By

Published : Jul 4, 2020, 10:39 PM IST

বিশ্বনাথৰ এটা কোৱাৰেন্টাইন চেণ্টাৰত থকা ব্যক্তিৰ মুক্ত বিচৰণ । ঔষধ আনিবলৈ ফাৰ্মাচীলৈ ওলাই আহিল এজন ব্যক্তি ।

quraintine-admited-pepole-open-going-to-market
কোৱাৰেন্টাইন চেণ্টাৰত থকা ব্যক্তিৰ মুক্ত বিচৰণ

বিশ্বনাথ, ৪জুলাইঃ শনিবাৰে বিয়লি প্ৰায় 5 বজাত বিশ্বনাথৰ হিমালয় লজৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা নিকটৱৰ্তী ঔষধ দোকানলৈ ঔষধ ক্ৰয় কৰিবলৈ উলাই আহিল এজন কোৱাৰেন্টাইনত থকা ব্যক্তি। বিহাৰৰ পৰা অহা বিন্দেশ্বৰ চাহা নামৰ ব্যক্তি জনক কোৱাৰেন্টাইন কৰা হৈছে হিমালয় লজত ৷ কিন্তু শনিবাৰে বিশ্বনাথ নগৰত মুকলি মনে ঘূৰি ফুৰে বিন্দেশ্বৰ চাহা নামৰ লোক জনে । কোৱাৰেন্টাইন চেণ্টাৰত কোনো ধৰণৰ গাৰ্ড অথবা আৰক্ষী দেখা নাপাই ব্যক্তি জনে তেওঁৰ পুত্ৰৰ গা-বেয়া হোৱাৰ বাবে 104 নম্বৰত ফোন কৰিছিল ঔষধৰ বাবে ৷ কিন্তু 104 ত ফোন কৰাৰ পিছতো বহু পলম হোৱাত তেওঁ নিজেই বাহিৰলৈ ওলাই আহিল ঔষধ নিবলৈ।

কিন্তু বিশ্বনাথৰ বিনাপাণী নামৰ ঔষধৰ বিপনীখনত ব্যক্তি জনে কোৱাৰেন্টাইন কেন্দ্ৰ পৰা অহা কথা নিজ মুখে প্ৰকাশ কৰাত ঔষধ দোকানৰ কৰ্মচাৰী গৰাকীয়ে বিশ্বনাথ যান বাহন আৰক্ষীক খবৰ দিয়াত ব্যক্তি জনক পুনৰ কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ যায় আৰক্ষীয়ে । ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে, জিলা প্ৰশাসন কৰ‘ণাক লৈ যিদৰে কঠোৰ হ'ব লাগিছিল সেইদৰে কঠোৰ হোৱা নাই ৷ এই ব্যক্তি জনৰ কৰ্ম-কাণ্ডই জিলা প্ৰশাসনৰ ফোপোলা স্বৰূপকে উদঙাই দিলে ।

লগতে পঢ়কঃ ইজনৰ পাছত সিজনকৈ চিকিৎসা কৰ্মী আক্ৰান্ত হৈছে কৰণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.