ETV Bharat / state

প্ৰতিবাদৰ সুযোগ লৈ একাংশ দুৰ্বৃত্তই ধ্বংস কৰিছে ৰাজহুৱা সম্পত্তি

বিশ্বনাথ জিলাৰ চতিয়াত বৃহস্পতিবাৰে নিশা উত্তেজনা ৷ হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত প্ৰায় তিনি হাজাৰ লোকৰ ৷ ধাৰাপুৰত পেট্ৰ'ল পাম্প জ্বলাই দিয়াৰ চেষ্টা দুষ্কৃতিকাৰীৰ ৷

author img

By

Published : Dec 13, 2019, 11:36 AM IST

Updated : Dec 13, 2019, 1:56 PM IST

প্ৰতিবাদৰ সুযোগ লৈ ৰাজহুৱা সম্পত্তি ধ্বংস একাংশৰ

বিশ্বনাথ, 13 ডিচেম্বৰ: বিশ্বনাথ জিলাৰ চতিয়াত বৃহস্পতিবাৰে নিশা উত্তেজনা ৷ প্ৰায় তিনি হাজাৰ লোকে হাতে হাতে জোঁৰ লৈ সাব্যস্ত কৰে কেব বিৰোধী প্ৰতিবাদ ৷ প্ৰতিবাদৰ মাজতে জামুগুৰিত দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে বিজেপিৰ কাৰ্যালয় ৷ প্ৰতিবাদকাৰীক ৰোধ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে ৷ আন্ধাৰ আৰু প্ৰতিবাদৰ ভীৰৰ সুযোগ লৈ দুৰ্বৃত্তই সংঘটিত কৰে এনে হিংসাত্মক কাৰ্য ৷

প্ৰতিবাদৰ সুযোগ লৈ একাংশ দুৰ্বৃত্তই ধ্বংস কৰিছে ৰাজহুৱা সম্পত্তি

আনহাতে, কামৰূপ গ্ৰাম্য জিলাৰ ধাৰাপুৰতো বৃহস্পতিবাৰে নিশা প্ৰতিবাদৰ সুযোগ লৈ এটা পেট্ৰ'ল পাম্প জ্বলাই দিয়াৰ চেষ্টা কৰে দুষ্কৃতিকাৰীয়ে ৷ ইয়াৰ ফলত প্ৰতিবাদকাৰী আৰু দুষ্কৃতিকাৰীৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত আহত প্ৰায় 7 জনকৈ লোক ৷

লগতে পঢ়ক: অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আৰক্ষীৰ গুলীচালনা

Intro:Body:

DESTRUCTION IN PROTEST

Conclusion:
Last Updated : Dec 13, 2019, 1:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.