বিশ্বনাথ, 14 মাৰ্চ : শনিবাৰে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ চাহ বাগিচা বিহালীৰ মোনাবাৰীত সদৌ অসম চাহ জনজাতি সন্থাৰ মোনাবাৰী চাহ বাগিচা শাখাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ মোনাবাৰী চাহ বাগিচাৰ কলঘৰৰ সন্মুখত ছাত্ৰ সন্থাৰ সদস্যসকলে বিভিন্ন দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
চাহ শ্ৰমিকসকলে পাবলগীয়া যথাযোগ্য মজুৰি, স্বাস্থ্যকেন্দ্ৰত ঔষধ আৰু চিকিৎসকৰ অভাৱ, শ্ৰমিকৰ আৱাসগৃহ মেৰামতি নকৰা, বিশুদ্ধ খোৱাপানী যোগান নধৰা আৰু শ্ৰমিকসকলৰ বিভিন্ন সা-সুবিধাৰ দাবীত সংগঠনৰ সদস্যসকলে প্ৰতিবাদ কৰে ৷
প্ৰতিবাদী সদস্যসকলে অভিযোগ উত্থাপন কৰি কয় যে, অসমৰ ৰাজনৈতিক দলসমূহে চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও কোনো জন প্ৰতিনিধিয়ে বৰ্তমানলৈকে শ্ৰমিকসকলকৰ অভাৱ-অভিযোগৰ বিৰুদ্ধে মাত মতা নাই ৷ লগতে তেওঁলোকে কয় যে, শ্ৰমিকসকলক দীৰ্ঘদিন ধৰি কৰি অহা শোষণক কোনো কাৰণতে সহ্য কৰা নহ'ব ৷
আৰু পঢ়ক : COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া