বিশ্বনাথ, 27 অক্টোবৰ : সাধাৰণতে কাৰাগাৰ বুলি ক’লে আমি সকলোৱে উচপ খাই উঠো ৷ কাৰাগাৰ বুলি ক’লেই যেন এক ভয়ানক দৃশ্য প্ৰতিফলিত হয় আমাৰ মনত ৷ কিন্তু বিশ্বনাথ জিলা কাৰাগাৰ(Biswanath District Jail)ত প্ৰতিফলিত হয় ইয়াৰ ওলোটা ছবি ৷ কিয়নো এক উদ্যান সদৃশ পৰিৱেশে বিৰাজ কৰিছে বিশ্বনাথ জিলা কাৰাগাৰত ৷
কাৰাগাৰখনৰ চৌহদৰ দৃশ্য দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ’ব যে, আচলতে আপুনি কোনো উদ্যানৰ ভিতৰত আছে নে কাৰাগাৰ চৌহদৰ ভিতৰত আছে । কাৰাগাৰৰ ভিতৰ চ’ৰাত কয়দী(Prisoner)ৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ-বেতৰ বিভিন্ন আটকধুনীয়া সামগ্ৰীয়ে ৷ কয়দীসকলৰ এই প্ৰশংসনীয় কামৰ আঁৰত আছে বিশ্বনাথ জিলা কাৰাধ্যক্ষ ৰবিৰাম ইংতি ৷
কাৰাবন্দীসকলৰ দ্বাৰা নিৰ্মিত এই সামগ্ৰীসমূহে মোহিত কৰিছে কাৰাগাৰলৈ অহা প্ৰত্যেকগৰাকী লোকক ৷ কাৰাবন্দীসকলক সাক্ষাৎ কৰিবলৈ অহা লোকৰ জিৰণী কোঠাত নিৰ্মাণ কৰা হৈছে সামগ্ৰীসমূহ ৷ কেৱল সেয়াই নহয়, আটকধুনীয়া সামগ্ৰীৰ উপৰিও জিৰণী কোঠাত বহিব পৰাকৈ সম্পূৰ্ণ বাঁহেৰে কাৰাবন্দীসকলে নিৰ্মাণ কৰি উলিয়াইছে চকী আৰু মেজ ৷
আধুনিকতাৰ ন-উদ্ভাৱন ম’বাইল ষ্টেণ্ড বাঁহেৰেই সাজি উলিয়াইছে কয়দীসকলে ৷ কাৰাবন্দীসকলে নিৰ্মাণ কৰা এই সামগ্ৰীসমূহে এতিয়া কাৰাগাৰ চৌহদত প্ৰৱেশ কৰা লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
কাৰাবন্দীসকলৰ মাজত থকা লুকাই থকা প্ৰতিভাসমূহ যাতে লুপ্ত হৈ নাযায়, লগতে কাৰাবাস অন্তৰ পাচত কয়দীসকলে এক সুন্দৰ জীৱন আঁকোৱালি ল’ব পাৰে, সেইবাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে কাৰাগাৰখনৰ ভাৰপ্ৰাপ্ত অধীক্ষক বিশ্বজিৎ শইকীয়াই ৷
লগতে পঢ়ক : মন্দাৱস্থাৰ মাজতে দীপাৱলীক লৈ মাটিৰ চাকি প্ৰস্তুত মৃৎশিল্পীৰ