বিশ্বনাথ, ১৫ জুন : বিশ্বনাথ জিলা প্ৰাথমিক কেন্দ্ৰীয় টেট উত্তীৰ্ণ সমাজে সোমবাৰে বিশ্বনাথ জিলাৰ বিহালীৰ বাঘমাৰীত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বৰ্তমানৰ চৰকাৰৰ ওচৰত কেইবাটাও গুৰুত্বপূৰ্ণ দাবী জনায় ৷
শেহতীয়াকৈ, ৰাজ্য চৰকাৰে ৰাজ্যিক টেট অনুষ্ঠিত কৰি প্ৰাথমিক পৰ্যায়ৰ শিক্ষক নিযুক্তি দিছিল যদিও নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা নাছিল কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে । এইক্ষেত্ৰত কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ উমৈহতীয়া সংগঠনৰ বিশ্বনাথ জিলা সমিতিয়ে সোমবাৰে সংবাদমেলযোগে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলকো নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিবলৈ আহ্বান জনায় ।
সমান্তৰালকৈ, NCTE নিয়মাৱলীৰ ১১ নং দফাত উল্লেখ থকা ধৰণেৰে প্ৰতিবছৰে এবাৰকৈ টে'ট অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে ।
লগতে পঢ়ক : বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল