বিশ্বনাথ 12 জানুৱাৰী : ৰাজ্যৰ সকলো প্ৰান্তৰ সমান্তৰালকৈ ভোগালীক আদৰাৰ প্ৰস্তুতি চলাই আছে বিশ্বনাথ চাৰিআলিৰ হাইডাবাৰী বড়ো গাঁৱৰ ৰাইজে ৷ অসমীয়া, বড়ো, আদিবাসী সকলোৱে মিলি অঞ্চলটোত প্ৰতিবছৰে বিহু উদযাপন কৰি আহিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷
এইবাৰো এটা তিনি মহলীয়া ভেলাঘৰ নিৰ্মাণৰ কৰি ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে গাঁওখনৰ ৰাইজে ৷ পোনচাতই ক'বলৈ গ'লে গাঁওখনৰ ডেকা, বুঢ়া, কণমানি সকলোৱে ভোগালীক বিহুৰ উপলক্ষে আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, এসপ্তাহৰ আগৰ পৰাই গাঁওখনৰ ৰাইজে ভোজ-ভাত খাই ভোগালীক আদৰা বাবে প্ৰস্তুতি চলাই আহিছে বুলি জানিবলৈ দিছে ৷
লগতে পঢ়ক: নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী