তেজপুৰ, 24 জানুৱাৰী : 74 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন ( 74th Republic day in Assam ) ৷ সেয়ে গণৰাজ্য দিৱসৰ বাবে ৰাজ্যত পৰিলক্ষিত হৈছে ব্যাপক প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় উষা নগৰী তেজপুৰ (Republic day preparation in Tezpur) ৷
সমাগত 74 সংখ্যক গণৰাজ্য দিৱসক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে পূৰ্ণোদ্যমে প্ৰস্তুতি ৷ ভাৰতীয় সেনাই ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ সামৰিক কেন্দ্ৰৰ মেঘনা ষ্টেডিয়ামত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ ৷ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি একাধিক কাৰ্যসূচী অনুষ্ঠিত কৰি 74 সংখ্যক গণৰাজ্য দিৱসটি উদযাপনৰ যো-জা চলাইছে ভাৰতীয় সেনাই (Pre republic day celebration in Tezpur army camp)।
প্ৰাক-গণৰাজ্য দিৱসত অন্যান্য বিভিন্ন কাৰ্যসূচীৰ লগতে দেশপ্ৰেমমূলক নৃত্য-গীত তথা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে ভাৰতীয় সেনাই ৷ প্ৰাক-গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটিত ভাৰতীয় সেনাই প্ৰদৰ্শন কৰে দুঃসাহসিক কাৰুকাৰ্য, যি হ’ল অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ । গণৰাজ্য দিৱস উদযাপনৰ লগতে জাতিৰ বৈচিত্ৰময় সংস্কৃতি প্ৰদৰ্শনৰ লক্ষ্যৰে ভাৰতীয় সেনাই এই অনুষ্ঠানৰ আয়োজন কৰে ।
প্ৰায় ৫০০০ ৰো অধিক সেৱা কৰ্মীয়ে তেওঁলোকৰ পৰিয়ালৰ লগতে, কেন্দ্ৰীয় বিদ্যালয় আৰু সেনা পাব্লিক স্কুলৰ প্ৰাক্তন সৈনিক, অসামৰিক ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । সেনাৰ ষ্টেচনত নিযুক্তি দিয়া প্ৰতিৰক্ষা কৰ্মীসকলে পৰিয়ালৰ সৈতে ব্যস্ততাপূৰ্ণ জীৱনটো প্ৰাক-গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠান উপভোগ কৰাৰ বাবে সুযোগ লাভ কৰে ৷
সাংস্কৃতিক অনুষ্ঠানৰ লগতে গেম ষ্টল আৰু দুদিনীয়া কাৰ্যসূচীত খাদ্যৰো আয়োজন কৰে সেনা বাহিনীয়ে ৷ অনুষ্ঠানস্থলীত বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ উপলব্ধ কৰোৱা হয় সেনাৰ তৰফৰ পৰা ।
সাংস্কৃতিক, দুঃসাহসিক কলাৰ লগতে 74 সংখ্যক গণৰাজ্য দিৱসলৈ লক্ষ্য ৰাখি আৰক্ষীয়ে ৰাজ্যখনত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷ কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে মেটেল ডিটেক্টৰৰ সহায়ত তথা বিভিন্ন ধৰণৰ পন্থা গ্ৰহণ কৰিছে ৷
পতাকা উত্তোলনস্থলী তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীৰ দলে । স্পৰ্শকাতৰ অঞ্চল সমূহত বৃদ্ধি কৰা হৈছে আৰক্ষীৰ নিৰাপত্তা ৷ উল্লেখ্য যে, 26 জানুৱাৰীৰ পূৰ্বে কূটাঘাত ৰোধ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ আৰক্ষী অতিথিশালাত (Dibrugarh Police guest house) আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰে সৈতে অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ নিৰাপত্তজনিত বৈঠক (SDGP GP Singh) ৷
লগতে পঢ়ক : Republic day 2023: সাম্ভাৱ্য় কূটাঘাত ৰোধৰ পৰিকল্পনাৰে ডিব্ৰুগড়ত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিশেষ বৈঠক