ETV Bharat / state

ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ প্ৰশাসনে

সাৱধান ! ক'ভিড বিধি উলংঘা কৰি বিনা কাৰণত অনাই-বনাই ঘূৰি ফুৰা লোকসকলক নাকী লগাব বিশ্বনাথ প্ৰশাসনে । মাস্ক পৰিধান নকৰা, ক'ভিড বিধি উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে বিশ্বনাথ প্ৰশাসনে গোচৰ ৰুজু কৰিব । এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে বিশ্বনাথৰ জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।

author img

By

Published : May 6, 2021, 4:10 PM IST

Police will register case against covid protocol violators
ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিশ্বনাথ প্ৰশাসনে

বিশ্বনাথ,৬ মে': ৰাজ্যত ক্ৰমান্বয়ে ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড বিধি কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে জিলা প্ৰশাসনসমূহে । বিশ্বনাথ জিলাত ক'ভিড বিধি উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই । জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই কয় যে, ক'ভিড বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে ।

ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকসকলে কেৱল নিজৰ স্বাস্থ্যৰ প্ৰতিয়েই নহয়, আনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে । লগতে তেওঁ ইতিমধ্যে দণ্ডাধীশসকলক এনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বুলিও জানিবলৈ দিয়ে ।

জিলাখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । এনে পৰিস্থিতিত সাধাৰণ লোকে যাতে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলে, তাৰ বাবে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । জিলাখনত সঠিকভাৱে ক'ভিড বিধি বলৱৎ কৰা হৈছে নে নাই, সেয়া নিৰীক্ষণ কৰিবলৈ অতি কমেও ১১ টা ফ্লায়িং স্কোৱাড গঠন কৰা হৈছে । বিগত সপ্তাহত মাস্ক পৰিধান নকৰা আৰু নিয়ম ভংগকাৰীৰ পৰা প্ৰায় ৬০ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে ।

প্ৰশাসনে সমগ্ৰ জিলাখনতে ভ্ৰাম্যমাণ ৰাজহুৱা প্ৰচাৰ ব্যৱস্থাৰ যোগেদি জনসাধাৰণে মানি চলিবলগীয়া ক'ভিড বিধি সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস কৰিছে । প্ৰশাসনে ক'ভিড-১৯ পৰীক্ষা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে যাতে আক্ৰান্ত লোকক চিনাক্ত কৰি পৃথককৈ ৰাখি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব পৰা যায় । বাছ আৰু ৰে'লযোগে অহা যাত্ৰীসকলক জিলাখনত প্ৰৱেশৰ সময়তে আৰু ৰে'ল ষ্টেচনত পৰীক্ষা কৰি থকা হৈছে ।

তদুপৰি বিশ্বনাথ পৌৰসভা আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তেও বজাৰ, বাছ আস্থান, ৰে'ল ষ্টেচন, কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদি ৰাজহুৱা স্থান নিয়মীয়াকৈ ছেনিটাইজ কৰি থকা হৈছে । ইফালে, জিলাখনত মহামাৰীত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩০০ জনৰো অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ প্ৰশাসনে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা কৰিছে ।

লগতে পঢ়ক: ৰঙাপৰাত ডাকঘৰৰ কৰ্মচাৰী আক্ৰান্ত ক'ভিডত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.