বিশ্বনাথৰ, ২৪ ডিচেম্বৰ: 2014 চনৰ আজিৰ দিনটোতে নিৰীহৰ তেজেৰে ৰক্তাক্ত হৈছিল বিশ্বনাথৰ ফুলবাৰী-সোণাজুলি । উগ্ৰপন্থীয়ে খেদি খেদি গুলীয়াই হত্যা কৰিছিল চাওঁতাল জনগোষ্ঠীৰ লোকক । সেই অভিশপ্ত দিনটোৰ কথা মনত পৰিলে আজিও চকু সেমেকি উঠে সমগ্ৰ ৰাজ্যবাসীৰ । বৃহস্পতিবাৰে ফুলবাৰী-সোণাজুলিত লোমহৰ্ষক হত্যাকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰিলে স্থানীয় লোক আৰু কেইবাটাও সংগঠনে ।
বিশ্বনাথ জিলা চাওঁতাল ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু ৰাইজৰ সহযোগত ফুলবাৰী স্মৃতিসৌধ প্ৰাংগনত সপ্তম বাৰ্ষিক স্মৃতি দিৱস পালন কৰা হয় । ২০১৪ চনৰ ২৩ ডিচেম্বৰত বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ফুলবাৰী-সোণাজুলিত এনডিএফবি(সংবিজিত) উগ্ৰপন্থী গোটে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল চাওঁতাল জনগোষ্ঠীৰ লোকক । আবাল বৃদ্ধ বনিতাকে ধৰি মুঠ ৩০ জন লোকক গুলীয়াই হত্যা কৰিছিল উগ্ৰপন্থীয়ে(Phulbari-Sonajuli massacre by NDFB) ৷ এই ক'লা দিনটোত প্ৰাণ হেৰুওৱা ফুলবাৰী-সোণাজুলিৰ লোকসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পালন কৰি অহা হৈছে স্মৃতি দিৱস ।
বৃহস্পতিবাৰে সপ্তম বাৰ্ষিক স্মৃতি দিৱসৰ অনুষ্ঠানত প্ৰথমে চাওঁতাল ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰা হয়(7th memorial day of Phulbari massacre observes in Biswanath) ৷ ইয়াৰ পাচত পুৱা ৯.৩০ বজাত বিশ্বনাথ জিলা অতিৰিক্ত উপায়ুক্তই বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ৷ নিহতৰ আত্মাৰ চিৰশান্তি কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও অনুষ্ঠিত কৰা হয় ৷
মূল সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিন্টু হেমৰম আৰু সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ ৷ বিশিষ্ট অতিথি ৰূপে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ সম্পাদক ৰিমান চৰেণ, প্ৰাক্তন আছু নেতা দুলদুল বৰকটকী, গুৱাহাটী বেলতলাৰ নিৰ্যাতিতা লক্ষ্মী ওৰাং, সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ উপ-সভাপতি বিমল হেমৰম, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিব্যজ্যোতি বৰুৱা, আছু নেতা আজমত শ্বেখ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে ৷ সকলোৱে উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷
লগতে পিছপৰা ফুলবাৰী-সোণাজুলিত আজিকোপতি চৰকাৰে যথোপযুক্ত সুবিধা প্ৰদান কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৷ আনকি, ভূমিৰ অধিকাৰৰ পৰাও চাওঁতাল জনগোষ্ঠীৰ লোকসকলক বঞ্চিত কৰাৰ অভিযোগ তোলে সংগঠনকেইটাই ৷ দীৰ্ঘদিন ধৰি অৱহেলিত হৈ অহা আদিবাসী লোকসকলক মানৱ সম্পদ ৰূপে গঢ় দিব পৰাকৈ শিক্ষা-স্বাস্থ্যকে ধৰি উপযুক্ত সুবিধা প্ৰদান কৰাৰ বাবে আহ্বান জনাই সংগঠনৰ বিষয়ববীয়াসকলে ৷
লগতে পঢ়ক:শিৱসাগৰত 'প্ৰকৃতিৰ বাবে দৌৰ' শীৰ্ষক সজাগতামূলক কাৰ্যসূচী