বিশ্বনাথ, 12 ডিচেম্বৰ: দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হোৱা দেখা গৈছে । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰা ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষীক নিৰ্দেশ দিছে (Assam CM strict against drugs)। কেৱল এয়াই নহয় জুৱাকে ধৰি সমাজৰ অনৈতিক কাৰ্যকলাপসমূহ বন্ধ কৰাৰ ক্ষেত্ৰতো আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে ।
কিন্তু তাৰ পাছতো ৰাজ্যৰ কোনো কোনো স্থানত জুৱাৰ দৰে কিছুমান অসামাজিক কাৰ্যকলাপ অব্যাহত আছে । বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া মুকলিকৈ চলি আছে জুৱা । এইবাৰ বিশ্বনাথৰ ধুলি চাহবাগিছাৰ খেৰবাৰীত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ মেলাত আনন্দ উচাহৰ মাজতে এচাম দুষ্টচক্ৰই চলাইছে জুৱাৰ আড্ডা ৷
আঘোণ মাহৰ পূৰ্ণিমা উপলক্ষে খেৰবাৰীত আৰম্ভ হৈছে শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ মেলা ৷ বালিচাং আৰক্ষী চকীৰ সমীপতে হোৱা শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ মেলাত মুকলিকৈ জুৱা খেলৰ আড্ডা পাতিছে একাংশ জুৱাৰীয়ে (Gambling in Biswanath) ৷
ইফালে পৰিৱেশ বিনষ্ট কৰা এই জুৱাৰ আড্ডাৰ ওপৰত আৰক্ষীয়ে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ গাঁওৰক্ষী বাহিনীয়ে বালিচাং আৰক্ষীক বিষয়টোৰ সন্দৰ্ভত একাধিকবাৰ জনোৱাৰ পাছতো জুৱাৰ আড্ডা বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি স্থানীয় গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰিছে ৷ বিশ্বনাথঘাট আৰু মিচামাৰীৰ পৰা অহা একাংশ লোকে মেলাত এই জুৱা খেল পতাৰ অভিযোগ সচেতন মহলৰ ।
ইফালে স্থানীয় একাংশ লোকৰ পৃষ্ঠপোষকতাত এই জুৱা খেল আয়োজন কৰা অভিযোগো উত্থাপন কৰিছে আন একাংশ স্থানীয় ৰাইজে । লগতে মেলাত মুকলিকৈ জুৱাৰ আড্ডা বহালৈ চাই আৰক্ষী আৰু জুৱাৰী মাজত মিতিৰালি থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । লক্ষণীয় বিষয় যে, বালিচাং আৰক্ষী চকীৰ পৰা প্ৰায় সমীপতে চলি আছে এই ধৰণৰ অসামাজিক কাৰ্যকলাপ (Open gambling in Biswanath mela)। কিন্তু কাৰ নেতৃত্বত চলিছে এইসমূহ অসামাজিক কাৰ্যকলাপ ? আৰক্ষী মেনেজ হৈছে নেকি ? অঞ্চলটোৰ সচেতন মহলে এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ।
লগতে পঢ়ক: Drugs seized in Barpeta: এইবাৰ খোদ গৃহৰক্ষী জোৱানৰ ঘৰতে উদ্ধাৰ ব্ৰাউন চুগাৰ