ETV Bharat / state

এন আৰ চিয়ে বিদেশী কৰিলে নেকি এজনৰ পাছত এজনকৈ স্বদেশীক ? - অৱিনাশ দেৱ

এন আৰ চিয়ে বিদেশী কৰিলে এজনৰ পাছত এজনকৈ স্বদেশীক ৷ বাদ পৰি নাথাকিল ভাৰতীয় বায়ু সেনা বাহিনী, এছ এছ বি,চি আৰ পি এফ জোৱানৰ পৰা শিক্ষক কৰ্মচাৰীলৈকে ৷

এন আৰ চিয়ে বিদেশী কৰিলে নেকি এজনৰ পাছত এজনকৈ স্বদেশীক ?
author img

By

Published : Sep 4, 2019, 3:31 PM IST

Updated : Sep 4, 2019, 4:34 PM IST

তেজপুৰ, 4 চেপ্তেম্বৰঃ এন আৰ চিয়ে বিদেশী কৰিলে এজনৰ পাছত এজনকৈ স্বদেশীক ৷ বাদ পৰি নাথাকিল ভাৰতীয় বায়ু সেনা বাহিনীৰ জোৱানো ৷ বিশ্বনাথৰ ভাৰতীয় বায়ু সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত চেকেণ্ড লেফটেনেণ্ট ছবিন্দ শৰ্মাৰ পাছত তেজপুৰৰ বায়ু সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া অবিনাশ দেৱৰ পৰিয়ালৰ লোকৰ নাম নাহিল এন আৰ চিৰ চূড়ান্ত তালিকাত ৷ 1970 চনতে ভাৰতীয় বায়ু সেনা বাহিনীত যোগদান কৰা অৱিনাশ দেৱে 1971 চনৰ ভাৰত বাংলাদেশৰ যুদ্ধত অংশগ্ৰহণ কৰি পৰৱৰ্তী সময়ত সেনা মেডেলো লাভ কৰিছিল আৰু 1996 চনত অৱসৰ গ্ৰহণ কৰিছিল ৷ কিন্তু 2004 চনত মৃত্যু হোৱা এই জন প্ৰাক্তন বায়ু সেনা বাহিনীৰ জোৱানৰ পৰিয়ালৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাত স্বাভাৱিকতে আচম্বিত হৈ পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ৷

এন আৰ চিয়ে বিদেশী কৰিলে নেকি এজনৰ পাছত এজনকৈ স্বদেশীক ?

আনহাতে বিশ্বনাথতো এন আৰ চিত নাম নাহিল শিক্ষক,আৰক্ষীৰ লগতে চি আৰ পি এফ বিষয়াৰ নাম ৷ বিশ্বনাথৰ খেৰবাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৱনি বৰ্মণ,শ্বহীদ অৰূপ কুমাৰ বৰুৱা এম ই স্কুলৰ শিক্ষক গণেশ বৰ্মন,দিনেশ বৰ্মনকে ধৰি কেইবাজনো টেট শিক্ষকৰ নাম অন্তৰ্ভুক্তি নহ'ল এন আৰ চিত ৷ একেদৰে সকলো নথি পত্ৰ থকাৰ পাছতো মাঘমাৰী খেৰবাৰী অঞ্চলৰ এছ এছ বি জোৱান বাপন বৰ্মন আৰু চি আৰ পি এফ জোৱান অনন্ত বৰ্মনৰ নাম বাদ পৰিল এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ৷ এন আৰ চিৰ এনে বিসংগতিৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে ভুক্তভোগী ৰাইজ ৷

Intro:তেজপুৰ,৪ছেপ্টেম্বৰ: বিশ্বনাথৰ ভাৰতীয় বায়ু সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত চেকেণ্ড লেফ্টনেণ্ট ছবিন্দ শৰ্মাৰ পিছত তেজপুৰ ৰ বায়ু সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত অবিনাশ দেৱৰ পৰিয়ালৰ নাম বাদ পৰিল এন আৰ চিৰ চুড়ান্ত তালিকাৰ পৰা ।

Body:অবিনাশ দেৱ ভাৰতীয় বায়ু সেনা বাহিনীৰ যোৰহাটৰ ৰৰৈযাৰ চাউনিত ১৯৭০ চনত ভৰ্তি হয় ,আৰু ১৯৭১ চনৰ ভাৰত বাংলাদেশৰ যুদ্ধত ভাগ লৈ পৰবৰ্তী সময়ত সেনা মডেল লাভ কৰিছিল ১৯৯৬ চনত তেজপুৰৰ শালনিবাৰী বায়ু সেনা চাউনিৰ পৰা অৱসৰ গ্ৰহণ কৰে । ২০০৪ চনত মৃত্যু হোৱা এইগৰাকী প্ৰাক্তন ভাৰতীয় বায়ু সেনা বাহিনীৰ পৰিয়ালৰ লোকে বৰ্ত্তমান NRC ৰ তালিকাৰ পৰা বাদ পৰাৰ পাছত এতিয়া এই পৰিয়ালৰ লোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিব দিয়ে ।

চাওক আমাৰ এই প্ৰতিবেদন ।

DL আছে USE DOUBLE WINDO ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৪/৯/১৯
Last Updated : Sep 4, 2019, 4:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.