বিশ্বনাথ, ৯ মে': চি পি আই এম এলৰ কেন্দ্ৰীয় সমিতিৰ নেতা , অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সভাপতি তথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিৰ অন্যতম আহ্বায়ক বিবেক দাসৰ বিৰুদ্ধে বিশ্বনাথৰ জিনজিয়া আৰক্ষী থানাই জামিনবিহীন গোচৰ ৰুজু কৰিছে ৷
শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ৰুজু কৰা এই গোচৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে নেতাগৰাকীক ৷
আনহাতে, বিশ্বনাথ জিলা চি পি আই এম এলৰ নেতা অনন্ত হাজৰিকাই এই ঘটনাৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য থকা বুলি প্ৰকাশ কৰাৰ লগতে এই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে ।