বিশ্বনাথ, 4 ফেব্ৰুৱাৰীঃ পুনৰ পোহৰলৈ আহিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উন্নয়ন ফোঁপোলা স্বৰূপ ৷ বিশ্বনাথ জিলাৰ গহপুৰৰ বুৰৈৰ স্বাস্থ্য কেন্দ্ৰত নাই ৰোগীৰ বাবে পৰ্যাপ্ত সা-সুবিধা ৷
দীৰ্ঘদিনৰ পৰাই এই স্বাস্থ্য কেন্দ্ৰটোত বহু সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ইয়াৰে স্থানীয় লোকসকল ৷ লগতে স্বাস্থ্য কেন্দ্ৰটোৰ দায়িত্ব থকা নাৰ্চ গৰাকীয়ো প্ৰায়ে অনুপস্থিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
কিন্তু এই ক্ষেত্ৰত কাণষাৰ নাই কাগজে-কলমে অত্যাধুনিক অসমৰ স্বাস্থ্য খণ্ড ঢাক-ঢ়োল বজোৱা বিভাগটোৰ মন্ত্ৰী তথা বিষয়াৰ ৷ এতিয়া মঞ্চত ভাষণ দি গগন কঁপোৱা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই স্বাস্থ্য বিভাগৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰিব সেইয়া হে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ।