ETV Bharat / state

শীঘ্ৰে বিশ্বনাথ মহকুমা চিকিৎসালয়ত 'ICU' ৰ ব্যৱস্থা কৰাৰ দাবী কংগ্ৰেছৰ - বিজেপি বিধায়ক তথা সাংসদ পল্লবলোচন দাস

বিশ্বনাথ জিলাত 1027 টা শিশু আৰু কিশোৰ ক'ভিড-19 ত আক্ৰান্ত হৈছে যদিও বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত আই চি ইউ ৰ (ICU) ৰ ব্যৱস্থা নাই ৷ অতি শীঘ্ৰে হাস্পতালখনত (ICU) অথবা ভেন্টিলেচনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে কংগ্ৰেছ নেতা তুষাৰ বৰাই ।

No ICU facility in Biswanath Sub Division Civil Hospital
শীঘ্ৰে বিশ্বনাথ মহকুমা চিকিৎসালয়ত 'ICU' ৰ ব্যৱস্থা কৰক: তুষাৰ বৰা
author img

By

Published : Jul 2, 2021, 10:02 PM IST

বিশ্বনাথ, 2 জুলাই : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাতো কভিডৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে ৷ ইফালে কৰ'ণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে 18 বছৰ উৰ্ধৰ সকলো লোককে ক'ভিড প্ৰতিষেধক প্ৰদান কৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৷ আনহাতে ৰাজ্যত ক'ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ কিছু পৰিমানে হ্ৰাস পাইছে যদিও পুনৰ এই ৰোগত আক্ৰান্ত হ'বলৈ ধৰিছে শিশুসকল ৷ সমান্তৰালকৈ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বহু শিশু ৷

উল্লেখ্য যে, যোৱা 29 জুনলৈকে বিশ্বনাথ জিলাত 1027 টা শিশু আৰু কিশোৰ ক'ভিড-19 ত আক্ৰান্ত হৈছে । ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছে । উক্ত ঘটনাটোক কেন্দ্ৰ কৰি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিত জৰিয়তে জানিবলৈ দিয়ে যে, বৰ্তমান কন্টেইনমেণ্ট জ'নত থকা বিশ্বনাথ জিলাৰ শিশু আৰু কিশোৰৰ ক'ভিড -19 আক্ৰান্ত হোৱাত জিলাখনৰ ভয়াৱহ প্ৰতিচ্ছবি দাঙি ধৰিছে ।

শীঘ্ৰে বিশ্বনাথ মহকুমা চিকিৎসালয়ত 'ICU' ৰ ব্যৱস্থা কৰক: তুষাৰ বৰা

ক'ভিড নিয়ন্ত্ৰণৰ বাবে বিশ্বনাথ জিলাত বৰ্তমানলৈকে কোনো আই চি ইউ (ICU) অথবা ভেন্টিলেচন নথকা বাবে জিলাখনত ক'ভিড পৰিস্থিতি আৰু ভয়াৱহ হোৱাৰ দিশে আগবঢ়াৰ আশংকা কৰিছে বিশ্বনাথ জিলা কংগ্ৰেছে ।

জৰুৰীকালীন অৱস্থাত যি কোনো ব্যক্তিক চিকিৎসাৰ বাবে তেজপুৰ হাস্পতাললৈ যাবলগীয়া হোৱাতো পৰিতাপৰ কথা ৷ ক'ভিডৰ সৈতে যুঁজ দিবলৈ হ’লে জিলাখনত অতি শীঘ্ৰে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত আই চি ইউ ৰ (ICU) ৰ ব্যৱস্থা কৰিবৰ বাবে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে জিলা খনৰ বৰ্ত্তমান তিনিও জন বিজেপি বিধায়ক তথা সাংসদ পল্লবলোচন দাসক দাবী জনাইছে কংগ্ৰেছ নেতা তুষাৰ বৰাই ।

লগতে পঢ়ক-DIPRৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ মন্ত্রী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.