ETV Bharat / state

বিশ্বনাথত ১৬গৰাকী জাতীয়তাবাদী নেতাৰ বিজেপিত যোগদান

বিশ্বনাথত ১৬গৰাকী জাতীয়তাবাদী নেতাই শনিবাৰে যোগদান কৰে বিজেপিত ৷ ৰাজ্যৰ সকলোতে কা বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিশ্বনাথত দেখা যায় এনে ব্যতিক্ৰমী দৃশ্য ৷ কা ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথত নমা জাতীয়তাবাদী নেতাকেইজনে বিজেপিৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত গেৰুৱা বসন পিন্ধে ৷

Newly joined at BJP at biswanath
জাতীয়তাবাদী নেতা বিজেপিলৈ
author img

By

Published : Feb 15, 2020, 11:38 PM IST

বিশ্বনাথ,15 ফেব্ৰুৱাৰীঃ বিশ্বনাথত ১৬গৰাকী জাতীয়তাবাদী নেতাই শনিবাৰে যোগদান কৰে বিজেপিত ৷ ৰাজ্যৰ সকলোতে কা বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিশ্বনাথত দেখা যায় এনে ব্যতিক্ৰমী দৃশ্য ৷ কা ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথত নমা জাতীয়তাবাদী নেতাকেইজনে বিজেপিৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত গেৰুৱা বসন পিন্ধে ৷

বিশ্বনাথ
জাতীয়তাবাদী নেতা বিজেপিলৈ

ন বিজেপি নেতাকেইজন পূৰ্বতে সদৌ অসম সংগ্ৰামী যুৱ ছাত্র পৰিষদৰ বিষয়ববীয়া আছিল ৷ ইয়াৰ লগতে প্ৰাণজিৎ খাউণ্ড নামৰ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ সদস্যজনেও যোগদান কৰে বিজেপিত ৷ পূৰ্বৰ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিজিত শইকীয়াই জাতীয়তাবাদী স‌ংগঠনটোৰ জৰিয়তে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে মাত মতাৰ দৰে বিজেপিত থাকি অসমীয়া জাতিৰ সুৰক্ষাৰ হৈ কাম কৰিব বুলি উল্লেখ কৰে ।

বিশ্বনাথত বিজেপিত যোগদানৰ জোঁৱাৰ

বিশ্বনাথৰ দৰে জিলাৰ পৰা ১৬জনকৈ জাতীয়তাবাদী নেতাই বিজেপিত যোগদান কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জিলাখনত ।‌

লগতে চাওকঃবিটিআৰ চুক্তি স্বাক্ষৰকাৰী এবছু আৰু এনডিএফবিৰ সদস্য সকলক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.