বিশ্বনাথ, ২৫ জানুৱাৰী : সোমবাৰে বিশ্বনাথ জিলাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় । বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ১১ সংখ্যক ভোটাৰ দিৱস উপলক্ষে অফিচাৰ্চ ক্লাৱত এখন সভাও অনুষ্ঠিত কৰা হয় । জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অতিৰিক্ত উপায়ুক্ত দুগৰাকী ক্ৰমে মিফতাহউদ্দিন আহমেদ, ড০ সূৰ্য কমল বৰা আৰু সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া ত্ৰিলিনা টাইদ প্ৰমুখ্যে বহু কেইগৰাকী বিষয়াৰ লগতে কেইবাজনো নতুন ভোটাৰ উপস্থিত থাকে ।
জিলা উপায়ুক্তগৰাকীয়ে গণতান্ত্ৰিক ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত জনসাধাৰণক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিশ্বনাথৰ নিৰ্বাচনী বিষয়া আবুল কালামে আঁত ধৰা সভাখনত নতুন ভোটাৰসকলক ভোটাধিকাৰ লাভ কৰাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
আনহাতে, অনুষ্ঠানটিত উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে ন-ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক:ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে চিৰাঙত চাইকেল ৰেলীৰ আয়োজন