ETV Bharat / state

Raas festivel in Biswanath: নন্দৰ ভাৱত আমিৰ খান, যশোদাৰূপী জোনমনি বেগমৰ কোলাত শিশু কৃষ্ণ - যশোদাৰূপী জোনমনি বেগমৰ কোলাত শিশু কৃষ্ণ

চৌদিশে এতিয়া ৰাসৰ উচাহ(Raasleela 2022) । উৎসৱ মানেই যেন সম্প্ৰীতিৰ নিদৰ্শন । বিশ্বনাথৰ উত্তৰ চাৰিআলিৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাত দেখা গ'ল সম্প্ৰীতিৰ নিদৰ্শন(Biswanath Raasleela 2022) । নন্দ-যশোদাৰ ভাৱত ইছলাম ধৰ্মালম্বী দম্পতীৰ অভিনয়ে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক(Sign of harmony in Bishwanath Raasleela) ।

muslim actor couple in krishna raasleela
বিশ্বনাথত নন্দ-যশোদাৰ ভাৱত ইছলাম ধৰ্মালম্বী দম্পতি
author img

By

Published : Nov 10, 2022, 10:25 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ: বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস মহোৎসৱৰ এক আদৰণীয় পদক্ষেপ (Biswanath Raasleela 2022) ৷ বিশ্বনাথৰ জনপ্ৰিয় ৰাসখনিত নন্দ-যশোদাৰ ভাৱত অৱতীৰ্ণ হ'ল এক ইছলাম ধৰ্মালম্বী দম্পতী (Sign of harmony in Bishwanath Raasleela)। নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিণী জোনমনি বেগমৰ অভিনয়ে মুগ্ধ কৰি তোলে সহস্ৰাধিক ভক্ত প্ৰাণ ৰাইজক (Muslim actor couple in Krishna Raasleela)। জাতি ধৰ্ম বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সাম্প্ৰদায়িক পৰিৱেশক প্ৰশ্ৰয় দিয়াৰ সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মাৱলম্বী এই দম্পতীৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷

বিশ্বনাথত নন্দ-যশোদাৰ ভাৱত ইছলাম ধৰ্মালম্বী দম্পতি

এই ইছলাম ধৰ্মালম্বী দম্পতী হালে যোৱা বৰ্ষও এই উত্তৰ চাৰিআলি ৰাসলীলাৰ নাট্যাভিনয়ত নন্দ-যশোদাৰ ভাৱত অবতীৰ্ণ হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে, উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলি ৰাস উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাসোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ এইবাৰ ৷ বুধবাৰে আছিল অন্তিমটো নিশা । পাঁচ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা এই ৰাস উৎসৱৰ অন্তিমটো নিশা ৰাসৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ।

ইফালে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি উদযাপন সমিতিয়ে এই ৰাস বাকৰিৰ পৰাই বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাবলৈ প্ৰয়াস কৰিছে । গুৰুজনাৰ যি সপোন আছিল বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৃহৎ অসমীয়া জাতি নিৰ্মাণ কৰা । গুৰুজনাৰ এই নীতিকে অনুসৰণ কৰি উদযাপন সমিতিৰ প্ৰয়াস সঁচাকৈয়ে আদৰণীয় ।

লগতে পঢ়ক: Rameshwar Teli : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ছত্তীশগড় ভ্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.