বিশ্বনাথ 26 জুলাই : ৰাজ্য়ত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ চলি থকাৰ মাজতে দেওবাৰে অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী তথা বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্তই বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং গাঁও পঞ্চায়ত,বৰঝাৰণি গাঁও পঞ্চায়ত,খৰাশিমলু গাঁও পঞ্চায়ত অধীনত 2019-20 বৰ্ষৰ SOP-G আঁচনিৰ অধীনত ৩ টা ব্লকত নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰে ।
![MINISTER RANJIT DUTTA ROAD OPENING IN BISWANATH BIHALI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8182413_67.jpg)
ইফালে,মন্ত্ৰীগৰাকীয়ে বৰগাং গাঁও পঞ্চায়তৰ অধীনৰ ৰামপুৰ পৰা বগৰিসুঁতিলৈ যোৱা পথটোৰ আধাৰশিলা স্থাপন কৰাৰ পাচতে বৰঝাৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত
ভৰালীজুলি পৰা মোনাবাৰী পথটোৰ পঁকীকৰণ কামৰ শুভাৰম্ভ কৰে । 1 কোটি 85 লাখ টকাৰে নিৰ্মাণ হ'বলগৰীয়া পথটো চৰকাৰী নিয়ম-নীতি মতে নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।
![MINISTER RANJIT DUTTA ROAD OPENING IN BISWANATH BIHALI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8182413_gh.jpg)
আনহাতে,মন্ত্ৰী ৰঞ্জিত দত্তই আধাৰশিলা স্থাপন কৰাৰ পাচতে মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানত উপস্থিত হৈ অসম দৰ্শন 2019-20 আচঁনিৰ মোনাবাৰী-লাহৰীজানত নিৰ্মাণ কাৰ্য চলি থকা পথটোৰ দুয়োকাষে বৃক্ষৰোপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে । লগতে,যিসকল ঠিকাদাৰে পথসমুহ নিৰ্মাণ কৰিবলৈ অনুমতি লাভ কৰিছে সেইসকল ঠিকাদাৰে পথ সমুহৰ দুয়ো কাষত গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক বুলি প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।
উল্লেখ্য যে,আধাৰশিলা অনুষ্ঠানত বিশ্বনাথ জিলা গড়কাপ্টানি বিভাগৰ অভিযন্তা,সহকাৰী অভিযন্তা লগতে বৰঝাৰণিৰ প্ৰাক্তন শিক্ষক যোগেন ৰংহাগ,অংকুৰ শইকীয়া,বাঘমৰা বিজেপি মণ্ডল কমিটি সম্পাদক,বৰঝাৰণি সভানেত্ৰী,গাংমৌথান গাঁও পঞ্চায়তৰ সভাপতি বাপটি দাস,জ্যেষ্ঠ সাংবাদিক অমিতাভ বৰুৱাকে আদি কৰি বহু কেইজন লোক উপস্থিত থাকে ।
লগতে পঢ়ক : বিজেপিৰ নেতাৰ কুকীৰ্তি : মহিলালৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অশ্লীল প্ৰস্তাৱ