বিশ্বনাথ, 11 এপ্ৰিলঃ শনিবাৰে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ 123 গৰাকী আশা কৰ্মী আৰু ১২ গৰাকী আশা ছুপাভাইজাৰৰ সৈতে এখন মত বিনিময় সভা অনুষ্ঠিত কৰে মন্ত্ৰী ৰঞ্জিত দত্তই । এই সভাত উপস্থিত থাকে শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালিকা ডাঃ কৃষ্ণা কেমপ্ৰাই, বিহালী প্ৰাথমিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ জে.চি বেই, বৰগাং মডেল চিকিৎসালয়ৰ ডাঃ মিন মিনা বৰাকে ধৰি সমষ্টিটোৰ অধিকাংশ চিকিৎসা কৰ্মী । বৰ্তমান কৰ'ণাৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিষয়া তথা আশাকৰ্মী সকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেই বিষয়ে বুজ লয় মন্ত্ৰী গৰাকীয়ে । সভাৰ অন্তত সাংবাদিকৰে হোৱা কথোপকথনত মন্ত্ৰী গৰাকীয়ে কৰ'ণা মহামাৰীক এক দীঘলীয়া যুঁজ বুলি কয় । য'ত আগশাৰীত থাকি স্বাস্থ্যকৰ্মী সকলে এই মহামাৰীৰ সৈতে যুঁজ দিব লাগিব বুলি উল্লেখ কৰে । যাৰ বাবে তেওঁলোকৰ কৰ্মক উৎসাহ আৰু প্ৰেৰণা দিবলৈ মন্ত্ৰী গৰাকীয়ে তেওঁৰ ব্যক্তিগত তৰফৰ পৰা প্ৰতিগৰাকী আশাকৰ্মী আৰু ছুপাভাইজাৰক এহোজাৰ টকাকৈ উপহাৰস্বৰূপে প্ৰদান কৰে ।
বিশ্বনাথত আশা কৰ্মীৰ সৈতে মত বিনিময় সভাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত দত্তৰ - ডাঃ কৃষ্ণা কেমপ্ৰাই
বিশ্বনাথ জিলা বিহালী সমষ্টিৰ 123 গৰাকী আশা কৰ্মী আৰু ১২ গৰাকী আশা ছুপাভাইজাৰৰ সৈতে শনিবাৰে এখন মত বিনিময় সভাত অংশগ্ৰহণ কৰে কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।
![বিশ্বনাথত আশা কৰ্মীৰ সৈতে মত বিনিময় সভাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত দত্তৰ minister ranjit dutta attended a meeting with asha workers in biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6751800-979-6751800-1586606331168.jpg?imwidth=3840)