বিশ্বনাথ, 9 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰে ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰখাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি ৷ ইয়াৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ 7 খনকৈ জিলাক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ কণ্টেইনমেণ্ট জ'ন জিলা কেইখনৰ মাজৰ এখন অন্যতম জিলা হৈছে বিশ্বনাথ জিলা ৷ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা 10 দিন হ'ল যদিও জিলাখনত বৰ্তমানেও হ্ৰাস পোৱা নাই ক'ভিডত আক্ৰান্তৰ হাৰ ৷
অৱশেষত জিলাখনৰ ক'ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে বিশ্বনাথত উপস্থিত হয় বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ৷ পৰিস্থিতি পৰ্যবেক্ষণ কৰি বিশ্বনাথত আশাকৰা ধৰণে ক'ভিডত আক্ৰান্তৰ হাৰ হ্ৰাস কৰিব পৰা নাই বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে জিলাখনত ক'ভিড আক্ৰান্তৰ হাৰ কেনেদৰে কমাব পাৰি সেই বিষয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিধায়ক সকলৰ সৈতে বিশদভাৱে আলোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আলোচনাৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
আনহাতে জিলাখনৰ কেইবাটাও অঞ্চলত ক'ভিডৰ আক্ৰান্তৰ হাৰ ভয়াৱহভাৱে বৃদ্ধি পোৱা সন্দৰ্ভত এক আশ্চৰ্যকৰ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিশ্বনাথ জিলাৰ যিবোৰ অঞ্চলত অবৈধ চুলাই মদৰ ঘাটি আছে সেই সমূহ স্থানতত ক'ভিডৰ আক্ৰান্তৰ হাৰ বেছি হৈছে বুলি এক মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ সেয়েহে জিলা প্ৰশাসনক সেই ঘাটিবোৰ উৎখাত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, বিশ্বনাথৰ ৰাজপথত বহু ব্যক্তি অবাধে ঘুৰি ফুৰা প্ৰত্যক্ষ কৰি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ জিলা উপায়ুক্ত সভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনাত উপস্থিত থাকে বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু গহপুৰৰ বিধায়ক উৎপল বৰা লগতে জিলা খনৰ বিভাগীয় বিষয়াসকল ৷
লগতে পঢ়কঃ মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি