ETV Bharat / state

Assam Arunachal border dispute: অৰুণাচলে এৰি দিব অসমৰ ভূমি; চিজুচাত দুই ৰাজ্যৰ মন্ত্ৰীৰ বৈঠক

author img

By

Published : Apr 7, 2023, 10:01 PM IST

Updated : Apr 8, 2023, 12:01 PM IST

শীঘ্ৰে সমাধান হ'ব অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদৰ সমস্যা । শুকুৰবাৰে অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাত মন্ত্ৰী পীয়ুষ হাজৰীকাৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয় অৰুণাচলৰ বনমন্ত্ৰী মামা নাটুং(Meeting on Assam Arunachal border dispute) । বৈঠকত অৰুণাচলৰ দখলত থকা মাটিৰ পৰিৱৰ্তে অন্য স্থানত অসমক অৰুণাচলে মাটি এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Meeting on Assam Arunachal border dispute
শীঘ্ৰে সমাধান হ'ব অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদৰ সমস্যা

বিশ্বনাথ,৭ এপ্ৰিল: অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগত অৰুণাচলৰ মন্ত্ৰীবৰ্গৰ বৈঠক ৷ দীৰ্ঘদিন ধৰি অসম অৰুণাচলৰ সীমা বিবাদে বিভিন্ন সময়ত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । তেনে সময়তে দীৰ্ঘদিনীয়া এই সীমা বিবাদৰ সমস্যা সমাধান কৰাৰ উদ্দশ্যৰে অসম অৰুণাচল সীমান্তৱৰ্তী চিজুচাত অনুষ্ঠিত কৰা হয় এই বৈঠকৰ ৷ বৈঠকত অৰুণাচলৰ দখলত থকা মাটিৰ পৰিৱৰ্তে অন্য স্থানত অসমক অৰুণাচলে মাটি এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে (Meeting on Assam Arunachal border dispute) ৷

শুকুৰবাৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ বন মন্ত্ৰী মামা নাটুঙৰ মাজত চিজুচাত হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে দুয়োখন ৰাজ্যৰ মন্ত্ৰীদ্বয়ে ৷ চিজুচাৰ বৰদিকৰাই নদীৰ উত্তৰ দিশত অসমৰ দখলত থকা পাকে টাইগাৰ ৰিজাৰ্ভৰ মাটি অৰুণাচলে দখল কৰি আছিল যদিও শুকুৰবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত এই মাটি অৰুণাচলকে দি দিয়াৰ বিপৰীতে সম পৰিমাণৰ মাটি অৰুণাচল প্ৰদেশে অসমক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে (Assam and Arunachal on Inter State Border issues) ৷

অসম অৰুণাচলৰ এই মন্ত্ৰী পৰ্যায়ৰ বৈঠকত দুয়োখন ৰাজ্যৰ প্ৰশাসনীয় বিষয়াসকলৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু ১২নং পাকে কেচাঙৰ বিধায়ক বিহুৰাম ৱাগেও উপস্থিত থাকে ৷ এইদৰে আলোচনাৰ মাধ্যমেৰে অসম অৰুণাচলৰ সীমা বিবাদৰ এটা অংশ সমাধানৰ পথত আগবঢ়াতো দুয়োখন ৰাজ্যৰ বাবেই ইতিবাচক দিশ হিচাপে বিবেচিত হৈছে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ ১৫ জুলাইত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাজত স্বাক্ষৰিত ঐতিহাসিক নামচাই ঘোষণাপত্ৰৰ পাচত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় আলোচনাত মিলিত হৈছিল (Assam Arunachal border dispute) ।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম অৰুণাচল সীমান্তৰ নামচাই জিলাৰ বিবাদমান অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল ।

লগতে পঢ়ক: BJP joining meeting : গেৰুৱা বসন পিন্ধিলে মটক স্বায়ত্তশাসিত পৰিষদৰ ৭ গৰাকী সদস্যই

Last Updated : Apr 8, 2023, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.