ETV Bharat / state

বৃহস্পতিবাৰে গহপুৰলৈ আহিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Nov 18, 2020, 8:59 PM IST

ঐতিহ্যমণ্ডিত গহপুৰক আন এক নতুনত্ব প্ৰদান কৰিবলৈ বৃহস্পতিবাৰে গহপুৰলৈ আহিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ইতিমধ্যে মন্ত্ৰীগৰাকীৰ আগমণৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পন্ন কৰিছে বিধায়ক উৎপল বৰাৰ নেতৃত্বত বিজেপিৰ কৰ্মকৰ্তা সকলে ৷

himanta biswa sharma
himanta biswa sharma

বিশ্বনাথ, ১৮ নৱেম্বৰ : দিনযোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে গহপুৰলৈ যাব অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ঐতিহ্যমণ্ডিত গহপুৰক আন এক নতুনত্ব প্ৰদান কৰিবলৈ গহপুৰলৈ আহিবলগীয়া মন্ত্ৰী ডঃ শৰ্মাক আদৰিবলৈ গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে গহপুৰ বিজেপিৰ প্ৰতিগৰাকী নেতা-কৰ্মীয়ে ব্যাপক প্ৰস্তুতি চলাইছে । বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ দিনযোৰা কাৰ্যসূচীৰ সম্পৰ্কত স্থানীয় বিধায়ক উৎপল বৰা আৰু হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰন হাজৰিকাই জানিবলৈ দিয়ে যে, মন্ত্ৰী ডঃ শৰ্মা পুৱা ৯ বজাত হেলিকপ্তাৰেৰে আহি উপস্থিত হ'ব ডিপৰা খেলপথাৰত । তাৰ পাচত তেওঁ শ্ৰীশ্ৰী মা কল্যানী দেৱালয়ত সেৱা আগবঢ়াই উৰা মাৰিব গহপুৰৰ উত্তৰাঞ্চলৰ দৈমালু খেলপথাৰলৈ ।

himanta biswa sharma
বৃহস্পতিবাৰে গহপুৰলৈ আহিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

পুৱা ১০.৩০ বজাত দৈমালু খেলপথাৰৰ পৰা প্ৰায় ৫০০০ চাইকেল আৰু মটৰ চাইকেল ৰেলীৰে প্ৰায় ১২ কিলোমিটাৰ অতিক্ৰম কৰি চেংমৰা হৈ মন্ত্ৰীগৰাকী উপস্থিত হ'ব কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত । তাৰ পাচত কলাবাৰীৰ পৰা গহপুৰ নগৰ হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে প্ৰায় ৫০০০ মটৰ চাইকেলৰ এক বিশাল ৰেলীৰে মন্ত্ৰী গৰাকীক বৰঙাবাৰীলৈ আদৰি অনা হ’ব ৷ তেওঁ বিয়লি ২ বজাত বৰঙাবাৰীত জি.এন.এম স্কুল, পেৰামেডিকেল শৈক্ষিক প্ৰতিষ্ঠান আৰু ছাত্ৰী নিবাস ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । বিধায়ক উৎপল বৰাই সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে ।

লগতে পঢ়ক : শিৱসাগৰত টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.