ETV Bharat / state

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব : অতুল বৰা

বিশ্বনাথ চাৰিআলিত মঙলবাৰে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনা অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য়িক কৃষি মন্ত্ৰী অতুল বৰা ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব বুলি মন্তব্য় কৰে মন্ত্ৰী বৰাই ৷

author img

By

Published : Dec 2, 2020, 10:08 AM IST

minister atul bora comments
মন্ত্ৰী অতুল বৰাৰ মন্তব্য

বিশ্বনাথ, 2 ডিচেম্বৰ : মঙলবাৰে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হোৱা এক বিশাল ‘জাতীয় ঐক্য সন্মিলন’ত উপস্থিত থাকি কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সমালোচনা কৰে অসম গণ পৰিষদৰ সভাপতি তথা ৰাজ্য়িক কৃষি মন্ত্ৰী অতুল বৰাই ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব বুলি মন্তব্য় কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰী অতুল বৰাৰ মন্তব্য

তেওঁ কয় যে, ‘‘এআইইউডিএফ সাম্প্ৰদায়িক দল আৰু এই দুয়োটা দলে যদি প্ৰাণকেন্দ্ৰ দিছপুৰত বাস কৰিবলৈ লয় তেন্তে অসমীয়া মানুহ নাথাকিব, অসমীয়া জাতি নাথাকিব । সেয়েহে অসমবাসীয়ে এই দুয়োটা দলৰ পৰা সাৱধানতা অৱলম্বন কৰক। অন্যথা এই দুয়োটা দলে দ্বিতীয় কলি যুগৰ সৃষ্টি কৰিব । কিছুমান অপশক্তিয়ে আমাৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাত জনসাধাৰণৰ মাজত দলৰ ভাৱমূৰ্তি বিনষ্ট হৈছিল । সেই কথা আমি স্বীকাৰ কৰিছো । ৰাইজৰ ৰায় আমি নতশিৰে মানি লৈছো । যোৱা সময়ত আমি আত্মবিশ্লেষণ কৰিছো, আত্মশুদ্ধি কৰিছো । এতিয়া দললৈ নতুন তেজৰ আগমন হৈছে । নতুন উদ্যমৰে পুনৰ ৰাইজৰ মাজলৈ আহিছো। আমি কোনো সাম্প্ৰদায়িক নহয় । অগপৰ চৰিত্ৰই হৈছে ধৰ্মনিৰপেক্ষ চৰিত্ৰ । সেয়েহে সকলো অগপৰ পতাকাৰ তললৈ আহক’’ ।

আনহাতে, বিজেপিৰে মিত্ৰতা সন্দৰ্ভত কয় তেওঁ কয় যে, ‘‘আমি অকলে যুঁজ কৰি কেতিয়াও ক্ষমতা দখল কৰিব নোৱাৰো । এই কথা স্বীকাৰ কৰো । আমি আগতেও চিপিআই (এম), চিপিআই (এমএল)ৰ লগত মিত্ৰতা কৰিছো । মিত্ৰতা আমাৰ দলৰ বাবে নতুন কথা নহয়। দেশৰ ৰাজনীতি এনেকৈয়ে হয় । বিজেপিৰ লগত আমাৰ মিত্ৰতা কৰাতো কোনো অপৰাধ নহয় । অসম চুক্তিৰ 6 নং দফা কেন্দ্ৰীয় চৰকাৰে আখৰে আখৰে পালন কৰিব লাগে’’ ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা ব্য়ক্তিগত ইস্তাহাৰ : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.