ETV Bharat / state

Erosion in Bihali: ঠাণ্ডাপানী নদীৰ খহনীয়াত জাহ গৈছে শতাধিক পৰিয়ালৰ গৃহ

ঠাণ্ডাপানী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । বিহালী ঠাণ্ডাপানী নদীৰ খহনীয়াই ক্ষতি কৰিছে শতাধিক পৰিয়ালক ।

Erosion in Assam
ঠাণ্ডাপানী নদীৰ খহনীয়াই কালৰূপ ধাৰণ
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 10:53 AM IST

ঠাণ্ডাপানী নদীৰ খহনীয়াই কালৰূপ ধাৰণ

বিশ্বনাথ, ১৫ ছেপ্টেম্বৰ :বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বিহমাৰী কাজিয়ামাটি আৰু ঠাণ্ডাপানী মাজেৰে বৈ যোৱা ঠাণ্ডাপানী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । ফলত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে । উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা নদীখনে ইতিমধ্যে এশ বিঘাৰো অধিক বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি অঞ্চলটোৰ বহু হেক্টৰ বনভূমি খহনীয়াত যাহ গৈছে । ইয়াৰ পিচতো গুৰুত্ব নাই জিলাখনৰ জলসম্পদ বিভাগৰ লগতে স্থানীয় গাঁও পঞ্চায়ত প্ৰতিনিধি ।

আনহাতে, বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পাহাৰত সঘনাই বৰষুণ দিয়াৰ ফলত নদীখনৰ তীব্ৰ গতিত খহনীয়া বৃদ্ধি পাইছে । কিন্তু যদি এইদৰে তীব্ৰ গতিত খহনীয়া অব্যাহত থাকে অচিৰেই নিঃশেষ কৰিব পাৰে নিচেই কাষতে থকা বিহমাৰী স্বাস্থ্য কেন্দ্ৰ আৰু কেইবাখনো চৰকাৰী প্ৰাথমিক বিদ্যালয় । ইপিনে, এই খহনীয়াৰ বিষয়ে অঞ্চলটোৰ ৰাইজে স্থানীয় জিলা জলসম্পদ বিভাগৰ অভিযন্তা, গাঁও পঞ্চায়ত প্ৰতিনিধিৰ লগতে সাংসদ-বিধায়কক অৱগত কৰা পাচতো অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ।

ইপিনে, ৯ নং তেজপুৰ লোকসভা সাংসদ আৰু ৭৭ নং বিধান সভা সমষ্টিৰ বিধায়কৰ লগতে স্থানীয় পঞ্চায়তৰ জনপ্ৰতিনিধিক ৰাইজে গৰাখহনীয়াৰ বিষয়ে অবগত কৰাৰ পিছতো কোনো ধৰণৰ ফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ।

সেয়েহে সংবাদ মাধ্যমৰ জড়িয়তে ভুক্তভোগী ৰাইজে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক আহ্বান জনাই কয়, "আপুনি আমাৰ অঞ্চললৈ এবাৰ আহি চাই যাওক আচলতে আমি অসম-অৰুণাচল সীমান্ত ঠাণ্ডাপানীত কি দৰে জীৱন নিবাস কৰি আছোঁ । লগতে নদীখনত দিনক দিনে কিদৰে আমাৰ সপোনৰ গাঁওখন খহনীয়াত যাহ গৈছে ।" স্থানীয় ৰাইজে উক্ত অঞ্চল সমূহত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছ ।

লগতে পঢ়ক:Assam CM wife land Scam : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানি গোচৰ তৰিব মুখ্যমন্ত্ৰী পত্নী ৰিণিকি শৰ্মা ভূঞাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.