বিশ্বনাথ, 25 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতে ক’ভিড-19 এ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইফালে ক’ভিড-19 ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে জাৰী কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ ক’ভিডৰ পৰা সমাজ খনক সুৰক্ষিত ৰাখিবলৈ সজাগতা অভিযান আৰম্ভ কৰিছে বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ সদস্যসকলে ।
দেওবাৰে যুৱ মৰ্চাৰ সদস্যসকলে বিহালী সমষ্টিৰ ৰঙাগড় চাহ বাগিচা আৰু ৰঙাগড়ৰ কেইবাখনো গাঁৱৰ ওপৰিও বৰগাঙৰ বিভিন্ন অঞ্চলত ৰাইজক সজাগ কৰাৰ লগতে মাস্ক বিতৰণ কৰে ৷ বিশ্বনাথ জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদক দ্বীপজ্যোতি দত্ত, বিহালী মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি পংকজ বৰা আৰু বিহালী মণ্ডলৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে এই কাৰ্যসূচীত ৷
লগতে পঢ়ক : ধেমাজিৰ বিদ্যুতৰ মুখলৈ হাঁহি আনিছে তৰমুজৰ খেতিয়ে