গহপুৰ, 3 জুনঃ গহপুৰ হাৱাজান আৰক্ষী বিষয়াৰ প্ৰসংশনীয় পদক্ষেপ। বিশ্বনাথ জিলা আৰক্ষী অধীনৰ গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন শইকীয়াই ধন্দী গাঁৱৰ বহু দৰিদ্ৰ পৰিয়ালৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে লোকসকলক COVID-19ৰ বিৰুদ্ধে সজাগ কৰে ।
![মাস্ক ছেনিটাইজাৰ বিতৰণ আৰক্ষী বিষয়াৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/aa-biswanath-802-3-j-oc-nipen-saikai-byte-photo-vis-scrpt-as10018_03062020144816_0306f_1591175896_1035.jpg)
উল্লেখযোগ্য যে আৰক্ষী বিষয়া গৰাকীয়ে গাঁও খনৰ বহু লোকৰ মুখত মাস্ক দেখা নাপায় মাস্ক কিয় পৰিধান কৰা নাই বুলি প্ৰশ্ন কৰাত একাংশ লোকে জানিব দিছিল যে তেওঁলোকৰ মাস্ক আৰু ছেনিটাইজাৰ কিনিবলৈ অ-সামৰ্থ। সেয়ে আৰক্ষী বিষয়া গৰাকীয়ে গাঁৱখনৰ বহু কেইটা দৰিদ্ৰ পৰিয়ালক মাস্ক আৰু ছেনিটাইজাৰ যোগান ধৰে । আৰক্ষী বিষয়া গৰাকীৰ প্ৰশংসনীয় পদক্ষেপ তথা দৰিদ্ৰ প্ৰতি দেখুৱা মহানুভৱতাক সকলোৱে আদৰণি জনাইছে ।
![মাস্ক ছেনিটাইজাৰ বিতৰণ আৰক্ষী বিষয়াৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/aa-biswanath-802-3-j-oc-nipen-saikai-byte-photo-vis-scrpt-as10018_03062020144816_0306f_1591175896_1028.jpg)
লগতে চাওকঃ ২ জুন পৰ্যন্ত পিএমজিকেপিৰ অধীনত ৫৩,২৪৩ কোটি লাভ হিতাধিকাৰীৰ