ETV Bharat / state

Students travel through small boat:এখন দলঙৰ বাবেই কেতিয়াবা বিদ্যালয়লৈ গৈয়ো উভতিবলগীয়া হয় ঘৰলৈ - বিশ্বনাথ

বিশ্বনাথত টুলুঙা নাৱত উঠি নিতৌ বিদ্যালয়লৈ বিপদজনক যাত্ৰা শ শ ছাত্ৰ-ছাত্ৰীৰ ৷

locals demand to construct a bridge
বিপদসংকুল যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:49 PM IST

বিপদসংকুল যাত্ৰা

বিশ্বনাথ, 29 ছেপ্টেম্বৰ : যি সময়ত দেশত চৰকাৰে অমৃত মহোৎসৱ অনুষ্ঠিত কৰিছে সেই সময়তে বিশ্বনাথৰ এটা অঞ্চলৰ ৰাইজৰ বাবে অমৃত গৈ বিহত পৰিণত হৈছে । ৰাজ্য চৰকাৰখনে সুগম বাট পথৰ কথা কৈ থকাৰ সময়তে বিশ্বনাথৰ এই অঞ্চলটোৰ এক দৃশ্যই সকলোৰে চকু কপালত তুলিছে । উল্লেখ্য যে, কিছু বছৰ পূৰ্বে বিশ্বনাথৰ চতিয়াত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে টৌত উঠি বিদ্যালয়লৈ যোৱাৰ বাতৰি প্ৰকাশ হৈছিল । সেই বাতৰিৰ পিচতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ।

এইবাৰ পুনৰ তেনে এক খবৰেই সকলোকে আচৰিত কৰি তুলিছে ৷ দৈনিক প্ৰায় 300/400 ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰা এটা ৰাস্তাত নাই এখন দলং ৷ চৰকাৰৰ দ্বাৰা অৱহেলিত উক্ত ঠাইডোখৰত বাঁহৰ দলং বনোৱা হৈছিল সেইবোৰ স্থায়ী নহয় ৷ এই কাৰ্য সংঘটিত হৈছে বিশ্বনাথৰ চোটপামত । চোটপামৰ সমীপৰে বৈ গৈছে জিনজিয়া নলা । কিন্তু নলাটোৰ দক্ষিণপাৰে থকা চিলামাৰী গাঁৱকে ধৰি কেইবাটাও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে নলাটোৰ উত্তৰ পাৰে থকা বিদ্যালয়লৈ আহিবলৈ নিতৌ টুলুঙা নাঁৱত উঠি বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হয় । আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ১০ টকাকৈ ভাড়া দিব লাগে নাৱৰীয়াক ।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে এই যাত্ৰা অতি বিপদজনক । বহুবাৰ ছাত্ৰ-ছাত্ৰী নাৱৰ পৰা নলাত পৰি যোৱাৰো উদাহৰণ আছে ৷ এতিয়াও এনে ঘটনা সংঘটিত হৈ থাকে । অৱশ্যে অভিজ্ঞ নাৱৰীয়া তথা স্থানীয় ৰাইজে প্ৰতিবাৰেই নলাত পৰা ছাত্ৰ-ছাত্ৰীক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিছে । তদুপৰি এনেদৰে নিতৌ অহা যোৱা কৰা প্ৰায় ৩০০/৪০০ ছাত্ৰ-ছাত্ৰীৰ বাবে নাৱৰ সংখ্যা কম হোৱাত বহু ছাত্ৰ-ছাত্ৰী সময়মতে বিদ্যালয়ত উপস্থিতো হ’ব নোৱাৰে । কিন্তু ইমানৰ পিচতো যেন গা লৰা নাই জনপ্ৰতিনিধিসকলৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ।

পূৰ্বতে দুবাৰমান বাঁহৰ দলং নিৰ্মাণ কৰি দিছিল পঞ্চায়তৰ পৰা । আনকি কেইবাবাৰো স্থানীয় ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰি লৈছিল বাঁহৰ দলং। কিন্তু বাৰিষা আহিলেই বাঢ়নী পানীয়ে উটুৱাই লৈ যায় এই দলং। সেয়েহে এতিয়া স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে এখন পকী দলং বিচাৰিছে । উক্ত অঞ্চলত যিকোনো মুহূৰ্ততে এক ভয়াৱহ দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Dangerous Boat Journey: দলং নাই; বছৰ বছৰ ধৰি টুলুঙা নাৱেৰে চেঙাজানত ৰাইজৰ বিপদসংকুল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.