ETV Bharat / state

কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা বিশ্বনাথৰ জয় গুপ্তাৰ গৃহ-ব্যৱসায়িক প্ৰতিষ্ঠান - জয় গুপ্তা

বিশ্বনাথত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত সংক্ৰমণৰ ঘটনা ৷ বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বিশ্বনাথৰ জয় গুপ্তাৰ গৃহ-ব্যৱসায়িক প্ৰতিষ্ঠানখনক কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হয় ৷

Joy Guppta House & Shop Declared as contaminate zone in Biswanath

author img

By

Published : Jul 3, 2020, 1:35 AM IST

বিশ্বনাথ, 3 জুলাই : বিশ্বনাথ চাৰিআলিৰ জয় গুপ্তা নামৰ এগৰাকী ব্যক্তিৰ দেহত শেহতীয়াকৈ ক'ভিড-19 অৱস্থিতি ধৰা পৰা পাচতেই বিশ্বনাথ জিলা প্ৰশাসনৰ তাৎক্ষণিক পদক্ষেপ ৷ জয় গুপ্তাৰ গৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান উভয়কে বৃহস্পতিবাৰে কণ্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে দুয়োটা এলেকাই ছীল কৰে ।

দুপৰীয়া 12 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ জিলা প্ৰশাসনে এই এলেকা দুটাক কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । গুৱাহাটীত কৰ্মৰত ক'ভিড-19 ত আক্ৰান্ত হোৱা বিশ্বনাথ চাৰিআলিৰ বাসিন্দা বিজয় শংকৰ দাসৰ পৰোক্ষভাৱে সংস্পৰ্শলৈ আহিছিল এই ব্যক্তি গৰাকী আৰু তেওঁৰ পৰিয়াল ।

জিলাখনত ক'ভিড-19 ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে এই এলেকা সমূহ তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কণ্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাসমূহ ছীল কৰিছে ৷

বিশ্বনাথত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত সংক্ৰমণৰ ঘটনা

বিশ্বনাথ জিলা দণ্ডাধীশে অসম ক'ভিড-19 ৰ নিয়মাৱলী 2020 অনুসৰি জাৰি কৰা আদেশ অনুসৰি এই নিয়ন্ত্ৰিত এলেকাত প্ৰশাসনৰ অনুমতি অবিহনে কোনো লোকৰ প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰাৰ লগতে যান-বাহনৰ চলাচলো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে । এই সময়ছোৱাত এই নিয়ন্ত্ৰিত এলেকাত সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অনান্য ক'ভিড-19 ৰ নিয়ম সমূহ মানি চলাটো বাধ্যতামূলক ৷

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিয়মাৱলীৰ আধাৰত এই এলেকা সুৰক্ষিত বুলি ঘোষণা নোহোৱা পৰ্যন্ত এই নিয়ম সমূহ বাহাল থাকিব ৷ এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম ক'ভিড-19 নিয়মাৱলী 2020 , দুৰ্যোগ প্ৰশমন আইন 2005, মহামাৰী প্ৰতিৰোধ আইন 1897 ৰ লগতে অনান্য আইনৰ অধীনত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে চাওক-অশ্লীল ভিডিঅ’ আপল'ড কৰি গ্ৰেপ্তাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.