ETV Bharat / state

ক’ভিড মুক্ত কৰিবলৈ আমি সকলোৱে যুঁজ দিব লাগিব : ৰঞ্জিত দত্ত

author img

By

Published : Jun 18, 2021, 10:58 PM IST

বিহালী ৰাংছালীত ক’ভিড ভেকচিন কেন্দ্ৰ মুকলি বিধায়ক ৰঞ্জিত দত্তৰ ৷ বিধায়ক গৰাকীয়ে গাঁও খনৰ ৰাইজক ক’ভিড ভেকচিন গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ আৰু চৰকাৰ খনে যি ক’ভিড যুঁজ কৰিছে এই যুঁজ খনত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷

inauguration-of-covid-vaccine-centre-by-ranjit-dutta
ক’ভিড মুক্ত কৰিবলৈ আমি সকলোৱে যুজঁ দিব লাগিব ঃ ৰঞ্জিত দত্ত

বিশ্বনাথ,18 জুন : শুকুৰবাৰে বিহালী সমষ্টিৰ ৰাংছালীত এটা ভেকচিন কেন্দ্ৰ শুভ উদ্ধোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই । RAISED নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত বটিয়ামাৰী গাঁও পঞ্চায়ত, নিজ বিহালী গাঁও পঞ্চায়ত,আৰু বৃহত্তৰ ৰাংছালী গাঁৱৰ ৰাইজৰ সহায় হোৱাকৈ স্থাপন কৰা ক’ভিড-19 ভেকচিনেছন কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰি ক'ভিড পৰিস্থিতিৰ বুজ লয় বিধায়ক গৰাকীয়ে ।

উল্লেখযোগ্য যে বিহালী কেইবাটাও ক’ভিড ভেকচিন কেন্দ্ৰত ভেকচিন দি থকা হৈছে যদিও বিশেষকৈ ৰাংছালী, বটিয়ামাৰী, নিজবিহালী ৰাংছালী গাঁৱৰ লোক সকলৰ বাবে দূৰত্ব অধিক হোৱাত গাঁও কেইখনৰ বহু লোকে বৰ্তমানলৈকে ভেকচিন ল’ব পৰা নাই । যাৰ বাবে গাঁও কেইখনৰ ৰাইজৰ সুবিধা হোৱাকৈ বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশত এই ভেকচিন কেন্দ্ৰটো স্থাপন কৰে স্বাস্থ্য বিভাগে । ইফালে ৰঞ্জিত দত্তই কেন্দ্ৰটো মুকলি কৰি কয় যে, মোৰ উদ্দেশ্য এটাই বিহালী সমষ্টিৰ প্ৰতিজন লোক সুস্থ হৈ থকাটো আৰু বিহালী সমষ্টিক ক’ভিড মুক্ত কৰিবলৈ আমি সকলোৱে ক’ভিড-19 ৰ বিৰুদ্ধে যুঁজ দিব লাগিব বুলিও প্ৰকাশ কৰে ।

আনহাতে বিধায়ক গৰাকীয়ে গাঁওখনৰ ৰাইজক ক’ভিড ভেকচিন গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহক, আৰু চৰকাৰ খনে যি ক’ভিড যুঁজ কৰিছে এই যুঁজ খনত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷ কেন্দ্ৰটো শুভাৰম্ভণি কৰাৰ সময়ত উপস্থিত থাকে বিহালী চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ লগতে বিশ্বনাথ জিলাৰ বিজেপি সভাপতি তথা ৰাজ্যিক পন্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ, বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰকাকতি, অনুসূচীত জাতি যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ দাস, বিহালী মণ্ডল সভাপতি লাচিত বৰা, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল শৰ্মা, বটিয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমণি দাস, নিজবিহালী গাঁও পঞ্চায়ত সভাপতি প্ৰেম চেত্ৰীকে ধৰি পঞ্চায়ত সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি তথা সচেতন যুৱক সকল ৷

পূৰ্বৰ তুলনাত ৰাজ্যখনত ক’ভিড পৰিস্থিতি হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে ৷ ৰাজ্যত শুকুৰবাৰৰ দিনটোত 1,71,920 গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয় । ইয়াৰে 3,706 গৰাকী লোকৰ ফলাফল পজিটিভ আহে । ইফালে কামৰূপ মহানগৰ জিলাত শুকুৰবাৰৰ দিনটোত 204 গৰাকী লোক আক্ৰান্ত হৈছে । বিগত 24 ঘণ্টাত অসমত আক্ৰান্তৰ হাৰ হৈছে 2.16 শতাংশ । লাহে লাহে ৰাজ্যখনত হ্ৰাস পাইছে যদিও এই পৰ্যন্ত ২ শতাংশৰ তললৈ নমা নাই আক্ৰান্তৰ হাৰ । ইয়াৰ বিপৰীতে মৃত্যুৰ সংখ্যাও উদ্বেগজনক । যোৱা 24 ঘণ্টাত 33 জন লোকে প্ৰাণ হেৰুৱায় ।

লগতে পঢ়ক:ব্যাপক হাৰত টীকাকৰণৰ কাৰ্যসূচী বিশ্বনাথ জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.