ETV Bharat / state

বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ - ILLEGAL SAND LOADING TRACTOR SEIZED IN BORGANG FOREST DEPT ASSAM

বিশ্বনাথ জিলাৰ বিহালীত বৰগাং আৰু বুৰৈ নদীত বনজ সম্পদৰ ওপৰত চলি থকা লুন্ঠন আজিৰ কথা নহয় ৷ বন বিভাগৰ অভিযানত জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ।

বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰ

author img

By

Published : Oct 13, 2020, 6:26 PM IST

বিশ্বনাথ,১৩ অক্টোবৰঃ বিশ্বনাথৰ বৰগাং আৰু বুৰৈ নদীত অব্যাহত আছে শিল বালিৰ লুন্ঠন । ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে নিশালৈকে এটা চক্ৰই নদী দুখনৰ পৰা বন বিভাগৰ চকুত ধূলি দি অবৈধভাৱে সৰবৰাহ কৰি আহিছে শিল বালি ।

বৰগাং বনাঞ্চলিক বন বিভাগৰ কাৰ্যালয়
বৰগাং বনাঞ্চলিক বন বিভাগৰ কাৰ্যালয়

উল্লেখযোগ্য যে বৰগাং বনাঞ্চলিক কাৰ্যালয়ত বন বিভাগৰ লোক থাকে যদিও নিচেই কাষতে থকা ৪ন‌ং আৰু ৩নং শিল বালিৰ মহলটোৰ পৰা একাংশ লোকে কোনো চালান সংগ্ৰহ নকৰাকৈ শিল-বালি সংগ্ৰহ কৰি থকাৰ পাচতো বন বিভাগৰ লোক মৌনতা অৱলম্বন কৰি থকা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে মঙলবাৰে বৰগাঙৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা বন কৰ্মীৰ দলে বৰগাং নদীৰ পৰা বালি কঢ়িয়াই নি থকা সময়তে চালান নোহোৱা বালি ভৰ্ত্তি ট্ৰেক্টৰ জব্দ কৰি কাৰ্যালয়লৈ আহে যদিও ট্ৰেক্টৰৰ মালিকে পলায়ন কৰে ।

বৰগাং আৰু বুৰৈ নদীত অব্যাহত আছে শিল বালিৰ লুন্ঠন

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৰগাঙৰ একাংশ শিল বালিৰ বৈধ মহলৰ পৰা শিল বালি সৰবৰাহ কৰে যদিও সেই লোকসকলৰ অধিকাংশ শিল বালি সৰবৰাহকাৰীয়ে কোনোধৰণৰ বন বিভাগৰ চালান ব্যৱহাৰ নকৰা অভিযোগ উত্থাপিত হৈছে । ইফালে বন বিভাগক সেই শিল বালি সৰবৰাহকাৰীয়ে প্ৰতি খন বালি ভৰ্তি ট্ৰেক্টৰত ৩০০ টকা আৰু প্ৰতিখন বালি ভৰ্তি ট্ৰাকত ১০০০ হাজাৰ টকা আৰু প্ৰতিখন চেনগ্ৰেভেল ভৰ্তি ট্ৰাকত ১০০০ হাজাৰ টকা বন বিভাগৰ বন কৰ্মীৰ হাতত দিয়ে যদিও অধিকাংশ লোকে চালান ব্যৱহাৰ নকৰাৰ অভিযোগ আহিছে । ইফালে আজি AD-07AC-6571 নম্বৰ জব্দ কৰা বালি ভৰ্তি ট্ৰেক্টৰ খনৰ কোনো চালান নথকাত এই দৰে বন বিভাগে জব্দ কৰা বুলি বন বিভাগৰ সূত্ৰ প্ৰকাশ । এতিয়া প্ৰশ্ন হয় ৩০০/ ১০০০ টকা শিল বালি সৰবৰাহকাৰীয়ে বন বিভাগৰ হাতত বা শিল বালিৰ মহলদাৰৰ হাতত জমা দিয়াৰ পাছতো চালান সংগ্ৰহ নকৰা ঘটনাই আন এক ৰহস্যৰ সৃষ্টি কৰিছে। লগতে চাওকঃনতুন প্ৰযুক্তিৰে চুম্বকীয় অভিযানৰ বাবে ড্ৰোননিৰ্ভৰ মানৱবিহীন আকাশী যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.