ETV Bharat / state

বিহালীত ঘৰে ঘৰে উপস্থিত স্বাস্থ্য কৰ্মীৰ দল

author img

By

Published : May 19, 2020, 4:28 PM IST

ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা আৰম্ভ কৰিছে স্বাস্থ্য কৰ্মীৰ দলে ৷ বিহালী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী আৰু আশা কৰ্মী সকলে প্ৰতি ঘৰে ঘৰে গৈ জ্বৰ, কাঁহ, চৰ্দী আদিৰ তথ্য সংগ্ৰহ কৰা লগতে জ্বৰ, কাঁহৰ লক্ষ্যণ থকা ব্যক্তি সকলৰ ছোৱাব সংগ্ৰহ কৰি তেজপুৰ মেডিকেল কলেজলৈ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷

Health workers at every villagers house of Bihali
বিহালীত ঘৰে ঘৰে উপস্থিত স্বাস্থ্য কৰ্মীৰ দল

বিশ্বনাথ, 19 মে': অসমত প্ৰতিদিনে কভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত ৰাজ্যজুৰি বিৰাজ কৰিছে আতংকই ৷ এই আতংকৰ মাজতো দিন ৰাতি একাকাৰ কৰি কভিড-19 ৰ বিৰুদ্ধে যুঁজ চলাই গৈছে অসমৰ স্বাস্থ্য বিভাগে ৷ ইফালে অসমৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো অধিক তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ ৷ আনহাতে কভিড-19 ৰ পৰা জনসাধাৰণৰক সুৰক্ষিত কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে হাতত লৈছে এক নতুন পৰিকল্পনা ৷ য'ত গাঁৱে গাঁৱে প্ৰতি ঘৰতে স্বাস্থ্য কৰ্মী দল উপস্থিত হৈ স্বাস্থ্যপৰীক্ষা কৰিব ৷ ইয়াৰ পাছতে বিশ্বনাথ জিলা বিহালীৰ অতি ভিতৰুৱা গাঁৱৱোৰত উপস্থিত হৈছে স্বাস্থ্য কৰ্মীৰ দল । ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা আৰম্ভ কৰিছে স্বাস্থ্য কৰ্মী দলে ৷ বিহালী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী আৰু আশা কৰ্মী সকলে প্ৰতি ঘৰে ঘৰে গৈ জ্বৰ, কাঁহ, চৰ্দী আদিৰ তথ্য সংগ্ৰহ কৰাৰ লগতে জ্বৰ, কাঁহৰ লক্ষ্যণ থকা ব্যক্তি সকলৰ ছোৱাব সংগ্ৰহ কৰি তেজপুৰ মেডিকেল কলেজলৈ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, ইতিমধ্যে বিহালী প্ৰাথমিক চিকিৎসালয় তৰফৰ পৰা 14 জন ব্যক্তি ছোৱাব সংগ্ৰহ কৰি তেজপুৰ মেডিকেল কলেজলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষাৰ বাবে 123 গৰাকী আশা, 57 গৰাকী এ এন এম নাৰ্চ, 18 জন MPW কৰ্মী নিয়োজিত হৈ থকাৰ কথা প্ৰকাশ কৰে মহকুমা স্বাস্থ্য বিষয়া ডাঃ জে চি বেয়ে ৷ লগতে কোনো ব্যক্তিয়ে যাতে অজানিতে কেভিড-19 ৰোগ লৈ নুফুৰে তাৰ বাবে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপ বুলি মন্তব্য কৰে মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে ৷

লগতে পঢ়কঃ নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.