বিশ্বনাথ ২৯ এপ্ৰিল : "অসমত ল'কডাউন দিয়া পৰিস্থিতি এতিয়াও হোৱা নাই ৷ ক'ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ সম্পূৰ্ণ ৰাজ্যৰ স্বাস্থ্য বিভাগ সাজু হৈছে ৷" আজি বিশ্বনাথ জিলাৰ বিহালীত উপস্থিত হোৱাৰ পাচতে এইদৰে মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
![2 মে'ত কোনেও বিজয় ৰেলী কৰিব নোৱাৰিব !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-29-a-hemanta-at-behali-maakalimandir-vis-byte-photo-scrpt-as10018_29042021151151_2904f_1619689311_359.jpg)
বিশ্বনাথত উপস্থিত হোৱাৰ পাচতে বিহালীৰ বৰগাংৰ বৰবিল চাহ বাগিচাত থকা মা' কালী মন্দিৰত সেৱা গ্ৰহণ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ আগত তেওঁ কয় যে, অসমৰ প্ৰত্যেকখন ক'ভিড হাস্পতালত বিচনা, চিকিৎসাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰা লগতে সকলো সাজু কৰি ৰখা হৈছে ।
আনহাতে অসমৰ সাংবাদিকৰ প্ৰশ্ন উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ২ মে’ৰ নিৰ্বাচনৰ ফলাফলৰ পাচত কোনেও বিজয় সমদল কৰিব নোৱাৰিব। বৰ্তমানৰ ক'ৰণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১৫ মে'ৰ ভিতৰত কিছু পৰিমাণে অসমৰ পৰিস্থিতিৰ উন্নতি হ'ব পাৰে বুলি এক অনুমান সূচক মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
ইফালে আওপকীয়াকৈ নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ "2 মে'ৰ সন্ধিয়া পৰত অসমৰ ৰাইজে জনাই দিব অসম কাৰ হাতত সুৰক্ষিত ৷ কোনোবাই মন ভাল লগাবলৈ বিভিন্ন ধৰণে মন্তব্য প্ৰকাশ কৰিব পাৰে ৷ পিচে অসম কাৰ হাতত সুৰক্ষিত সেই কথা 2 মে'ত স্পষ্ট হ'ব ৷" এইদৰে মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, গহপুৰৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।