ETV Bharat / state

গহপুৰত ভয়ংকৰ ৰূপত ক'ভিডৰ গণ সংক্ৰমণ

কৰ’ণাৰ দ্বিতীয়টো ঢৌত গহপুৰত 15 মে'লৈকে ৩২৬ গৰাকীকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত ৷ 3 জনকৈ লোকৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৷ গহপুৰৰ তেলেনী গাঁওখনক সম্পূৰ্ণৰূপে মাইক্ৰ কন্টেইনমেণ্ট জ'ন ঘোষণা ৷

author img

By

Published : May 15, 2021, 5:12 PM IST

গহপুৰত ভয়ংকৰ ৰূপত ক'ভিডৰ গণ সংক্ৰমণ
গহপুৰত ভয়ংকৰ ৰূপত ক'ভিডৰ গণ সংক্ৰমণ

বিশ্বনাথ ১৫ মে': গহপুৰত ভয়ংকৰ ৰূপত ক'ভিডৰ গণ সংক্ৰমণ আৰম্ভ হৈছে । দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা । কৰ’ণা দ্বিতীয়টো ঢৌত 15 মে'লৈকে ৩২৬ গৰাকীকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰোপৰি বৰ্তমানলৈকে তিনি গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে গহপুৰত । গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰ প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি হাট-বজাৰ, দোকান পোহাৰ খুলিব নোৱাৰিব গমিৰি আৰু কল্যাণপুৰ পঞ্চায়তৰ ব্যৱসায়ী সকলে ।

তাৰোপৰি ফাৰ্মাচী সমূহৰ কৰ্মচাৰীয়ে সাত দিনৰ মূৰে মূৰে কৰিব লাগিব ক'ভিড টেষ্ট । তেলেনী গাঁওখনক সম্পূৰ্ণৰূপে মাইক্ৰ কন্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । ঘাঁহিগাঁও আৰক্ষীয়ে গণ সংক্ৰমণ অধিক হোৱা অঞ্চল সমূহত অধিক সৰ্তকতামূলক দৃষ্টি ৰাখিছে । গমিৰি, মেইলবজাৰ, তেলেনীকে ধৰি ভিতৰুৱা গাঁও সমূহত আৰক্ষীয়ে তহল দি ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : পাগলাদিয়াৰ বুকুত অবৈধ শিল-বালি খননৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.